BJP Union Minister Harsimrat Kaur Badal Resigns From Cabinet | Assamese News
দৈনিক বাতৰি

কেন্দ্ৰীয় মন্ত্ৰী হৰসিম্ৰট কৌৰ বাদলৰ নৰেন্দ্ৰ মোডী কেবিনেটৰ পৰা পদত্যাগ

জি প্লাছ নিউজ | September 18, 2020 10:53 hrs

গুৱাহাটীঃ শুক্ৰবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে, খাদ্য প্ৰক্ৰিয়াকৰণ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী হৰসিম্ৰট কৌৰ বাদলে নৰেন্দ্ৰ মোডী কেবিনেটৰ পৰা অব্যাহতি বিচাৰি, বৃহস্পতি বাৰে দিয়া পদত্যাগ পত্ৰ মঞ্জুৰ কৰে।


উল্লেখনীয় যে, কৌৰৰ আকালি দল, যি ভাৰতীয় জনতা পাৰ্টীৰ লগত মিত্ৰজোঁটত থকা এটা দল, অলপতে পঞ্জাৱৰ কৃষকসকলৰ বিক্ষোভৰ সন্মুখীন হয় যেতিয়া প্ৰথমে আকালি দলে কৃষক বিধেয়কৰ সমৰ্থন কৰাৰ বাতৰি আহে।


সুখবীৰ বাদল, যি হৰসিম্ৰটৰ স্বামী আৰু আকালি দলৰ সভাপতি, কয় যে তেওঁলোকৰ দলে কেন্দ্ৰীয় চৰকাৰক বাহ্যিক ভাৱে সমৰ্থন কৰি থাকিব কিন্তু “কৃষক বিৰোধী নীতি’’ৰ বিৰুদ্ধে থিয় হৈ ৰ’ব।


সুখবীৰ বাদলে লগতে ভাৰতক খাদ্য উৎপাদনৰ ক্ষেত্ৰত স্বাৱ্লম্বী কৰাত পঞ্জাৱৰ বৃহৎ অৰিহণাৰ কথাও সোঁৱৰাই।


‘‘কৃষকসকলৰ জীয়ৰি আৰু ভগ্নী হিচাপে তেওঁলোকৰ লগত থিয় হ’বলৈ পায় গৌৰান্বিত।” হৰসিম্ৰটে টুইট যোগে জনায়।

 

বৰ্ত্তমান এই বিভাগ নৰেন্দ্ৰ ত’মাৰক দিয়া হৈছে।