HBS Urges People to Return Assam by June 10 | Assamese News
দৈনিক বাতৰি

দেশৰ বিভিন্ন স্থানত থকা লোকক ১০ জুনৰ ভিতৰত অসমলৈ উভতি অহাৰ আহ্বান মন্ত্ৰী হিমন্তৰ

জিপ্লাছ | May 26, 2020 12:31 hrs

২৬ মে’, গুৱাহাটী - লকডাউন শিথিল কৰাৰ পিছত স্থলপথ আৰু ৰে’লপথেৰে শেহতীয়াকৈ হাজাৰ হাজাৰ লোক অসমলৈ ঘূৰি আহিছে। আৰু ইয়াৰ পিছতে ৰাজ্যত ক’ৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা ব্যাপকভাৱে বৃদ্ধি পাবলৈ ধৰিছে।  ইফালে কালিৰে পৰা ৰাজ্যলৈ বিমানেৰেও মানুহ অহা আৰম্ভ হৈছে। গতিকে অনাগত সময়ছোৱাত ৰাজ্যৰ পৰিস্থিতি অধিক অৱনতি ঘটাৰ আশংকা কৰা হৈছে৷

এনেবোৰ পৰিপ্ৰেক্ষিততে অহা ১০ জুনৰ ভিতৰত ৰাজ্যৰ বাহিৰত আবদ্ধ হৈ থকা সকলো লোককে ৰাজ্যলৈ উভতি অহাৰ আহ্বান জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পিছতে অহা ৩০ জুনত ক’ৰোনা অধ্যায় শেষ কৰাৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে৷ কালি এই কথা সদৰী কৰিছে ৰাজ্যৰ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

 

সংবাদ মাধ্যমৰ আগত তেওঁ প্রকাশ কৰে যে বিমানেৰে ৰাজ্যলৈ বহিঃৰাজ্যৰ পৰা সোঁত ব’বলৈ আৰম্ভ কৰাৰ লগে লগে কৰ’নাৰ সংক্রমণৰ আশংকা বৃদ্ধি পাইছে৷ আগন্তুক এসপ্তাহৰ পৰা দহদিন অসমৰ পৰিস্থিতি কঠিন হৈ থাকিব। আৰু ৰাজ্য চৰকাৰ এই পৰিস্থিতিৰ বাবে সাজু হৈ আছে  বুলিও তেওঁ সদৰী কৰে৷

এই লোকসকল ঘূৰি অহাৰ পাছত ৰাজ্যত সৃষ্টি হ’বলগীয়া পৰিস্থিতি নিয়ন্ত্রণত ৰাখিব পৰা যাব বুলিও তেওঁ আশা প্রকাশ কৰে৷ নতুনকৈ বহু লোক আহি থকাৰ বাবে ৰাজ্যত কোৱাৰেণ্টাইনৰ বাবে স্থানৰ অভাৱ নহয় বুলি প্রকাশ কৰি মন্ত্রীজনে কয় যে সম্প্রতি কেৱল গুৱাহাটীতে ৬০-৭০টা কোৱাৰেণ্টাইন কেন্দ্র চলাই থকা হৈছে৷ সকলো কেন্দ্রৰে ব্যৱস্থা সুন্দৰকৈ কৰি ৰখা বুলিও তেওঁ কয়৷ নতুনকৈ বহু শিক্ষানুষ্ঠানৰ আৱাস কোৱাৰেণ্টাইন কেন্দ্রৰ বাবে চৰকাৰে সাজু কৰি তোলা বুলিও কয়৷

আনহাতে চৰকাৰে অহা ৩০ জুনৰ ভিতৰত ৰাজ্যত কৰ’নাৰ এই অধ্যায়খন শেষ কৰিবলৈ চেষ্টা কৰিছে বুলি সদৰী কৰি মন্ত্রী হিমন্ত বিশ্ব শর্মাই কয় যে ৰাজ্যত বানপানীৰ পৰিস্থিতি আৰম্ভ হৈছে৷ বহিঃৰাজ্যৰ পৰা আহি থকা লোকসকলৰ বিষয়টো ৩০ জুনত সমাপ্ত কৰি চৰকাৰে ১ জুলাইৰ পৰা বানপানীৰ নতুন প্রত্যাহবানৰ সন্মুখীন হ’বলৈ সাজু হ’ব৷ অৱশ্যে জুলাই মাহৰ পৰা কোনো লোক যদি অসমলৈ আহিব বিচাৰে তেনেহ’লে তেওঁলোকে আগতীয়াকৈ অসম চৰকাৰক অৱগত কৰিব লাগিব৷ লক্ষণীয় যে সাগৰীয় ঘূর্ণী আমফানৰ বাবে অসমলৈ আহি থকা বহু ৰে’ল আদবাটতে ৰখাই থোৱা হৈছে৷

এই ৰে’লসমূহত প্রায় ৮০০০ লোক আহি থকাৰ কথা অৱগত কৰি মন্ত্রী হিমন্ত বিশ্ব শর্মাই কয় যে তেওঁলোক দুই-এদিনতে অসমত প্রৱেশ কৰিব৷ তেতিয়াও পৰিস্থিতি নিয়ন্ত্রণৰ বাবে চৰকাৰে বৃহৎ সমস্যাৰ সন্মুখীন হ’ব লাগিব৷ আনহাতে আক্রান্ত ৰোগীসকল সৰুসজাই কোৱাৰেণ্টাইন কেন্দ্রত পঞ্জীয়ন কৰাৰ বাবেহে সৰুসজাইৰ নাম লোৱা হয় বুলি প্রকাশ কৰি প্রকৃততে এই লোকসকল বিভিন্ন হোটেল বা অন্য অনুষ্ঠান আদিত কোৱাৰেণ্টাইন হৈ থাকে৷

তাত অত্যধিক লোক সংক্রমণ হোৱা বুলি যি ভুল ধাৰণা বিয়পি পৰিছে সেয়া মষিমূৰ কৰিবলৈ মন্ত্রীজনে কয় যে আজিলৈ সৰুসজাইত একেলগে তিনি বা চাৰিজনতকৈ অধিক লোক একেলগে কৰ’নাত আক্রান্ত হোৱা নাই৷ বাকীবোৰ অন্য অনুষ্ঠানত অকলে বা অতি সীমিত সংখ্যক লোকৰ সৈতে থকা৷ গতিকে সৰুসজাইৰ নাম ল’লেও তাত ইমান সংক্রমণ হোৱা নাই আৰু ভয় খাবলগীয়া কথা নাই বুলি তেওঁ সদৰী কৰে৷ কালি সৰুসজাইৰ ৪৪ জন লোক কৰ’নাত আক্রান্ত হোৱা বুলি প্রকাশ কৰিলেও প্রকৃততে সেই লোকসকলৰ এজনো সৰুসজাই কেন্দ্রত নাছিল৷ অন্য অনুষ্ঠানত আছিল বুলি তেওঁ সদৰী কৰে৷