ফিল্মফেয়াৰত কোন কোন বলীউড তাৰকা উপস্থিত থাকিব? 

Friday, 28 February 2020

দৈনিক বাতৰি

ফিল্মফেয়াৰত কোন কোন বলীউড তাৰকা উপস্থিত থাকিব? 

জিপ্লাছ নিউজ ডেস্ক | February 13, 2020 15:42 hrs

১৩ ফেব্ৰুৱাৰী, গুৱাহাটী : ৰাজ্যজুৰি ৬৫ সংখ্যক ফিল্মফেয়াৰ্ছ এৱাৰ্ডক লৈ ক লৈ প্ৰস্তুতি তুংগত। আজি অসম পৰ্যটন বিভাগৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই ফিল্মফেয়াৰ সন্দৰ্ভত এখন সংবাদমেল আয়োজন কৰে।  বৰুৱাই তকয় যে প্ৰথমবাৰৰ বাবে মায়ানগৰী মুম্বাইৰ বাহিৰত অনুষ্ঠিত হ’বলগীয়া বলীউডৰ সৰ্ববৃহৎ গ্লেমাৰাৰ্ছ এৱাৰ্ড শ্ব’টোৰ কৰন জোহৰ আৰু বিকী কৌশলে আঁত ধৰিব। 
 
অধ্যাক্ষ গৰাকীয়ে ফিল্মেফেয়াৰলৈ আহিব লগীয়া বলীঊডৰ তাৰকাসকলৰ নামসমূহো উল্লেখ কৰে। তাৰকাসকল  হৈছে অক্ষয় কুমাৰ, বৰুন ধাৱান, দিশা পাটানি, চানী লিয়নী,কাৰ্তিক আৰিয়ান, ৰনবীৰ সিং, বিকী কৌশল , কৰন জোহৰ, ৰাজকুমাৰ ৰাও, পৰিনিতী ছোপ্ৰা,সিদ্ধাৰ্থ চতুৰ্বেদী, মনীষ পল, আলি ফজল, সুৰজ পাঞ্চলী, অনুভৱ সিং, মাধুৰী দীক্ষিত, জাহ্নৱী কাপুৰ, ৰাধিকা আপ্তে, অনন্যা পাণ্ডে, পূজা হেগ্ৰে, আয়ুষ্মান খুৰানা, সঞ্জয় ঘোষ, অনুভৱ সিং, ভূমি পাণ্ডেকাৰ,তাপসী পান্নু, ৰিচা চাডা।

আনহাতে এতিয়ালৈ ফিল্মফেয়াৰত উপস্থিত থকাৰ  নিশ্চিত প্ৰদান নকৰা তাৰকাসকল হৈছে সোনম কাপুৰ, কেটৰিনা কাইফ, দিপীকা পাডুকন,বিদ্যা বালান, হেমা মালিনী, আদিত্যৰয় কাপুৰ, গোবিন্দ,হৃত্বিক ৰোশন, অৰ্জুন কাপুৰ আৰু আলিয়া ভাট্ট।    

এই গ্লেমাৰাৰ্ছ এৱাৰ্ড শ্ব’টোত নিমন্ত্ৰণ কৰা বলীউডত প্ৰতিষ্ঠিত হোৱা অসমৰ সুসন্তান সমূহ হৈছে, জুবিন গাৰ্গ, সীমা বিশ্বাস, নিপন গোস্বামী, অংগৰাগ পাপন মহন্ত, আদিল হুছেইন। লগতে অসমৰ শিল্পীসকলকো এই অনুষ্ঠানত নিমন্ত্ৰণ কৰা হৈছে বুলি জানিবলৈ দিয়ে বৰুৱাই। 

লগতে বৰুৱাই টিকটৰ সন্দৰ্ভত কয়-“ইতিমধ্যে ‘অছ’ম আছাম’ আৰু বুক মাই শ্ব’ত ৯০ শতাংশ টিকটেই বিক্ৰী হৈছে। অছ’ম আছাম ৱেবছাইটত ১ লাখ পৰা ৩ লাখ টকালৈ কিছু টিকট এতিয়াও উপলব্ধ হৈ আছে। তথ্যমতে প্ৰায় ৯০ শতাংশৰ অধিক টিকট ক্ৰয় কৰা লোকেই অসমৰ। 

কিছুমান বিশেষ নীতি নিৰ্দেশনা অনুসৰি যদিও স্থানীয় সাংবাদিকসকল ফিল্মফেয়াৰৰ ভিতৰত সোমাব নোৱাৰিব,আমাৰ ফালৰ পৰা  স্থানীয় সংবাদমাধ্যমসমূহৰ কাৰণে বিমান বন্দৰত তাৰকাসমূহ অহাৰ লগে লগেই সাক্ষাৎ কৰিব পৰাকৈ বিশেষ ব্যাৱস্থা কৰা হ’ব। য’লৈকে কালাৰ্ছ  আৰু ফেচবুকৰ নীতি  নিৰ্দেশনা নাথাকিব তালৈকে সাংবাদিকসকল সোমোৱাৰ ব্যৱস্থা কৰিছো।”

“ফিল্মফেয়াৰক লৈ  অসম পৰ্যটন বিভাগৰ যি অসমৰ বিষয়ে প্ৰসাৰ কৰা অভিযান আছিল তাত আমি সম্পূৰ্ণৰূপে সফল হৈছো। প্ৰম’ সমূহত আমি অসমৰ পৰ্যটন ক্ষেত্ৰসমূহৰ প্ৰসাৰ তথা ফিল্মফেয়াৰৰ বাবে ৮ গৰাকী বলীউডৰ তাৰকাৰে দৃশ্যগ্ৰহণ কৰিছো। এই প্ৰম’সমূহ ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় সংবাদমাধ্যমতো বহুল প্ৰচাৰ হৈছে।”
লগতে বৰুৱাই কয় -“এই এৱাৰ্ড শ্ব’ত অসমৰ মুঠ ১৫০ গৰাকী শিল্পীয়ে অংশগ্ৰহণ কৰিব। বিহু, সত্ৰীয়া নৃত্যকে ধৰি বিভিন্ন জাতি জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন কৰা হ’ব। অসমৰ জনপ্ৰিয় অভিনেত্ৰী, আইমী বৰুৱা, গায়ত্ৰী মহন্ত , সীতাৰাণী হাজৰিকা, সেউজপ্ৰিয়াকে ধৰি ডেৰশ গৰাকী অভিনেত্ৰী  উপস্থিত থাকিব।”   

যিসকল তাৰকাই অনুষ্ঠান প্ৰদৰ্শন কৰিব তেওঁলোকে অনুশীলনৰ কাৰণে ১৪ তাৰিখেই আহিব আনহাতে যিসকল তাৰকাই কেৱল বঁটা গ্ৰহণৰ বাবে আহিব তেওঁলোকে  ১৫ তাৰিখৰ দিনা গুৱাহাটীত উপস্থিত হ’ব।