“চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক একেলগে  চাৰিজোৰকৈ ইউনিফৰ্ম প্ৰদান কৰা হ’ব।” - হিমন্ত বিশ্ব শৰ্মা

Saturday, 29 February 2020

দৈনিক বাতৰি

“চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক একেলগে  চাৰিজোৰকৈ ইউনিফৰ্ম প্ৰদান কৰা হ’ব।” - হিমন্ত বিশ্ব শৰ্মা

জিপ্লাছ নিউজ ডেস্ক | January 25, 2020 15:48 hrs

২৫ জানুৱাৰী, গুৱাহাটী : ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূৰ ছাত্ৰ -ছাত্ৰীসকললৈ শুভ বাৰ্তা। চলিত বৰ্ষত ৰাজ্যৰ শিক্ষাখণ্ডলৈ শুভ সংবাদ কঢ়িয়াই আনিছে নতুনকৈ শিক্ষা বিভাগৰ দায়িত্ব গ্ৰহণ কৰা হিমন্ত বিশ্ব শৰ্মাই। শিক্ষা বিভাগৰ দায়িত্ব গ্ৰহণৰ পাছত আজি দিছপুৰৰ জনতা ভৱনত সংবাদ মেল আয়োজন কৰে। 

শৰ্মাই সংবাদমেলত কয় - “যিহেতু যোৱা বৰ্ষত শিক্ষাৰ্থীসমূহক ইউনিফৰ্ম প্ৰদান কৰিব পৰা নগ’ল সেইবাবে এইবছৰ প্ৰথম শ্ৰেমীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক একেলগে চাৰিজোৰকৈ ইউনিফৰ্ম প্ৰদান কৰা হ’ব। তিনিজোৰ হব গতানুগতিক ইউনিফৰ্ম, এজোৰ হব খেলা-ধূলা অথবা  সাংস্কৃতিক কাৰ্যসূচীৰ বাবে প্ৰদান কৰা হ’ব। প্ৰতিযোৰৰ বাবদ খৰচ হ’ব ৩৫০ টকাকৈ। উক্ত আচঁনিটোৰ ৰাজ্য চৰকাৰে ৪৪৯ কোটি  টকা মুকলি কৰাৰ সিদ্ধান্ত গৰ্হণ কৰিছো।”

লগতে ৰাজ্যৰ শিক্ষাখণ্ডত প্ৰথমবাৰলৈ  নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে ইউনিফৰ্ম প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্য চৰকাৰে। লগতে ইউনিফৰ্মৰ মানদণ্ড তিনিটা পৰ্যায়ত পৰীক্ষা কৰা হ’ব। বিদ্যালয়সমূহৰ মেনেজিং কৰ্তৃপক্ষই এই ইউনিফৰ্মসমূহৰ দায়িত্বভাৰ গ্ৰহণ কৰিব। 

ইফালে ইউনিফৰ্মৰ গুণগত মানদণ্ড বেয়া হ’লে প্ৰধান শিক্ষক তথা বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও সকিয়নী প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে।