ৰে’ল ষ্টেচনৰ পৰা ষ্টুডিঅ’লৈ ব্যতিক্ৰমী যাত্ৰা - হিমেশ ৰেশমিয়াৰ সৈতে
দৈনিক বাতৰি

ৰে’ল ষ্টেচনৰ পৰা ষ্টুডিঅ’লৈ ব্যতিক্ৰমী যাত্ৰা - হিমেশ ৰেশমিয়াৰ সৈতে

জি প্লাছ নিউজডেস্ক | August 23, 2019 12:06 hrs

২৩ আগষ্ট, গুৱাহাটী : ৰে’ল ষ্টেচনৰ পৰা ষ্টুডিঅ’লৈ এক ব্যতিক্ৰমী যাত্ৰা । কলকাতাৰ ৰে’লৱে ষ্টেশ্যনত কিংবদন্তি কণ্ঠশিল্পী লতা মংগেশকাৰৰ “এক প্যাৰ কা নাগমা” গীত পৰিৱেশন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল ৰাণু মণ্ডল নামৰ এগৰাকী মহিলাই। আৰু এই ৰাণু মণ্ডলৰ কন্ঠেৰেই এতিয়া নিগৰিছে জনপ্ৰিয় সংগীত পৰিচালক হিমেশ ৰেশমিয়াৰ নতুন ছবিৰ গীত। 
হিমেশ ৰেশমিয়াৰ নতুন ছবি “হেপ্পী হাৰ্ডী এণ্ড হীৰ”ৰ এটি গীতত কন্ঠ দিছে এইগৰাকী অখ্যাত কন্ঠশিল্পীয়ে। ছবিখনৰ    “তেৰি মেৰি য়ে কাহানি” শীৰ্ষক গীতটিত কণ্ঠদান কৰিছে ৰাণু মণ্ডলে। ইতিমধ্যেই ৰে’লৱে ষ্টেশ্যনত গীত পৰিৱেশন কৰি থকা ভিডিঅ’ ছচিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰ হোৱাৰ পিছতেই হিমেশ ৰেশমিয়াই মহিলাগৰাকীক মুম্বাইস্থিত ষ্টুডিঅ’লৈ মাতি নিয়ে।

শেহতীয়াকৈ ৰাণু মণ্ডলে কণ্ঠদান কৰা সময়ত ষ্টুডিঅ’ৰ ভিতৰত গ্ৰহণ ভিডিঅ’ই লাভ কৰিছে ব্যাপক চৰ্চা। সৰ্বত্ৰে প্ৰসংশিতও হৈছে সংগীত পৰিচালক হিমেশ ৰেশমিয়া।