গুৱাহাটীত উদ্ধাৰ হোটেল কৰ্মচাৰীৰ মৃতদেহ

Thursday, 12 December 2019

দৈনিক বাতৰি

গুৱাহাটীত উদ্ধাৰ হোটেল কৰ্মচাৰীৰ মৃতদেহ

জিপ্লাছ ব্যুৰ’ | August 13, 2019 15:43 hrs

১৩ আগষ্ট, গুৱাহাটী - গুৱাহাটীৰ মাছখোৱা এলেকাৰ হোটেল ঋতুৰাজত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে এগৰাকী লোকৰ মৃতদেহ। লোকগৰাকী হোটেলখনৰে কৰ্মচাৰী বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, মৃত লোকগৰাকী হেমেন পাঠক বুলি চিনাক্ত কৰা হৈছে। আজি ঋতুৰাজ হোটেলৰ এটা কোঠাত চিপজৰী লগা অৱস্থাত উদ্ধাৰ হৈছে লোকজনৰ মৃতদেহ।

বিগত আঠবছৰ ধৰি হোটেলখনত কৰ্মৰত আছিল কামৰূপ গ্ৰাম্য জিলাৰ ডিমুৰ হেমেন পাঠক। ইফালে ভৰলুমুখ আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

উল্লেখ্য যে এই ঘটনাক হত্যাৰ সন্দেহ ব্যক্ত কৰিছে হেমেন পাঠকৰ পৰিয়ালে।  

প্ৰতিনিধিত্বমূলক ছবি