এনআৰচিৰ চূড়ান্ত তালিকাত কেনেকৈ চাব আপোনাৰ নাম?
দৈনিক বাতৰি

এনআৰচিৰ চূড়ান্ত তালিকাত কেনেকৈ চাব আপোনাৰ নাম?

জিপ্লাছ ব্যুৰ’ | August 31, 2019 10:45 hrs

৩১ আগষ্ট, গুৱাহাটী - অৱশেষত আজি প্ৰকাশ পালে বহু প্ৰত্যাশিত এনআৰচিৰ চূড়ান্ত তালিকা। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম পঞ্জীয়নৰ বাবে আবেদন কৰা ৩.২৯ কোটি ৱোকৰ ভিতৰত ১৯ লাখ লোকৰ নাম বাদ পৰিছে এই এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা।  

অফলাইনযোগে কেনেকৈ চাব এনআৰচি তালিকা -

অফলাইনযোগে আপোনাৰ নাম চাবৰ বাবে আপুনি যাব লাগিব এনআৰচি সেৱা কেন্দ্ৰলৈ, অথবা খণ্ড বিষয়াহৰ কাৰ্যালয় অথবা উপায়ুক্তৰ কাৰ্যালয়লৈ। পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ চাব পাৰিব নাম।

কেনেদৰে চাব অনলাইনযোগে নাম -

1. এপ্লিকেশ্যন ৰেপাৰেন্স নম্বৰ বা এআৰএন নম্বৰটো ওচৰতে পোৱাকৈ ৰাখক।

2. www.nrcassam.nic.in বা www.assam.mygov.in ৱেবছাইটত লগ ইন কৰক

3. "Supplementary Inclusions/Exclusions Lists (Final NRC) status" লিংকটোত ক্লিক কৰক।

4. আপোনাৰ এপ্লিকেশ্যন ৰেফাৰেন্স নম্বৰটো অন্তৰ্ভুক্ত কৰক।