১০ মে'ৰ পূৰ্বে মেট্ৰিক পৰীক্ষাৰ ফলাফল!
দৈনিক বাতৰি

১০ মে'ৰ পূৰ্বে মেট্ৰিক পৰীক্ষাৰ ফলাফল!

| March 18, 2019 15:47 hrs

গুৱাহাটীঃ মে’ৰ আৰম্ভণিতে ঘোষণা কৰা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। সোমবাৰে এই কথা সদৰী কৰিছে অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাই। 

লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এইবাৰ আগতীয়াকৈ ফলাফল ঘোষণা কৰিবলৈ তৎপৰ হৈ পৰিছে ছেবা কৰ্তৃপক্ষ।

উল্লেখ্য যে, যোৱা ১৪ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অন্ত পৰিছিল ৬ মাৰ্চত। 

Banner

প্ৰতিনিধিত্বমূলক ফটো