ডাইনী হত্যাৰ বিৰুদ্ধে সংগ্ৰাম : ড০ বীৰুবালা ৰাভাক ৰাহুল গান্ধীৰ শুভেচ্ছামূলক পত্ৰ

Tuesday, 18 February 2020

দৈনিক বাতৰি

ডাইনী হত্যাৰ বিৰুদ্ধে সংগ্ৰাম : ড০ বীৰুবালা ৰাভাক ৰাহুল গান্ধীৰ শুভেচ্ছামূলক পত্ৰ

জি প্লাছ নিউজডেস্ক | December 04, 2018 14:00 hrs

গুৱাহাটী - ডাইনী হত্যা ৰোধৰ বাবে নিজৰ সমগ্ৰ জীৱন উৎসৰ্গা কৰা ড০ বীৰুবালা ৰাভাক অলপতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে শুভেচ্ছাপত্ৰ প্ৰদান কৰে। ইতিমধ্যেই শান্তিৰ নোবেল বঁটাৰ বাবেও মনোনয়ন লাভ কৰাৰ উপৰিও দেশে বিদেশে বহু সন্মান লাভ কৰা সমাজকৰ্মীগৰাকীৰ কাম-কাজক ভূয়সী প্ৰসংশা কৰি কংগ্ৰেছ সভাপতিগৰাকীয়ে প্ৰেৰণ কৰিছে এই শুভেচ্ছামূলক পত্ৰ।

উল্লেখ্য যে বিগত ১৯ নৱেম্বৰতে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে প্ৰেৰণ কৰা শুভেচ্ছামূলক বাৰ্তাত সমাজকৰ্মী ৰাভাৰ বিষয়ে তেওঁ কৈছে, ‘সমাজত বিয়পি থকা অন্ধবিশ্বাস আৰু কু সংস্কাৰৰ বিৰুদ্ধে যুঁজ দিবলৈ সাহসৰ প্ৰয়োজন। ইয়াৰ বিৰুদ্ধে যুঁজিবলৈ যাওঁতে বিভিন্ন সময়ত সমাজৰ ৰোষৰ বলি হ’বলগীয়াও হয়, পিছে ইমানৰ মাজতো আপুনি দৃঢ়তাৰে যুঁজি গৈছিল’।

ৰাহুল গান্ধীয়ে লগতে কয়, ‘সমাজৰ পৰা কু সংস্কাৰ আঁতৰোৱাৰ বাবে চলাই থকা সংগ্ৰামৰ বাবে আপোনাক মই শ্ৰদ্ধা জনাইছো, চেল্যুট দিছো। আশা কৰো এখন সুস্থ মানৱ সমাজ গঢ়াৰ ক্ষেত্ৰত আপোনাৰ কৰ্মৰাজিয়ে অইন লোকক তথা যুৱ প্ৰজন্মৰ মহিলাসকলক অনুপ্ৰেৰণা যোগাব’।

ৰাহুল গান্ধীয়ে প্ৰেৰণ কৰা শুভেচ্ছামূলক বাৰ্তা সমাজকৰ্মীগৰাকীক অৰ্পন কৰাৰ উদ্দেশ্যেৰে সোমবাৰে ড০ বীৰুবালা ৰাভাৰ গোৱালপাৰা জিলাৰ আগিয়াৰ নিজ ঘৰত অসম প্ৰদেশ কংগ্ৰেছৰ এটা প্ৰতিনিধি দল উপস্থিত হয়। অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদিকা ববিতা শৰ্মাৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৱে ৰাহুল গান্ধীৰ হৈ সোমবাৰে দুপৰীয়া সমাজকৰ্মীগৰাকীক এখন ফুলাম দখনা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনায়।

বীৰুবালা ৰাভা