‘মইও হৈ যাব পাৰো অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী।’- ৰূপজ্যোতি কুৰ্মী

Wednesday, 01 April 2020

দৈনিক বাতৰি

‘মইও হৈ যাব পাৰো অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী।’- ৰূপজ্যোতি কুৰ্মী

জিপ্লাছ নিউজ ডেস্ক | February 21, 2020 11:39 hrs

সততে বাতৰিৰ শিৰোনাম দখল কৰা ৰূপজ্যোতি কুৰ্মীৰ এইবাৰ নতুন সপোন। পৰৱৰ্তী নিৰ্বাচন অৰ্থাৎ ২০২১ চনত পৰৱৰ্তী মুখ্যমন্ত্ৰী হৈ যোৱাৰ সম্ভাৱনা দেখিছে মৰিয়নী সমষ্টিৰ বিধায়ক গৰাকীয়ে। ৰাজ্যত যিহে ৰাজনীতিৰ বতাহ চলিছে , কি ঠিক কোন দিশে মোৰ লয় ৰাজনীতিৰ বতাহজাক। 

“মুখ্যমন্ত্ৰী হোৱা তালিকাত  তিনি চাৰিজনৰ নাম থাকিব , কিন্তু মোৰ লাগিছে সেই তালিকাত মোৰো নাম থাকিব। মইও হৈ যাব পাৰো ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰীৰ পদটো থাকিবই কিন্তু ৰাজ্যৰ শিক্ষা, বিত্ত আৰু স্বাস্থ্য বিভাগটোও মোৰ হাতত থাকিব।” সংবাদমাধ্যমৰ আগত এই ভাষ্য প্ৰদান কৰে ৰূপজ্যোতি কুৰ্মী। 

ইয়াৰ পূৰ্বেও ৰূপজ্যোতি কুৰ্মীয়ে  বিভিন্ন ধৰণৰ মন্তব্যৰে জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। নিজকে আনতকৈ কিছু ব্যতিক্ৰম হিচাপে আগৰ পৰাই প্ৰমাণ কৰি আহিছে বিধায়ক গৰাকীয়ে। 

পৰৱৰ্তী নিৰ্বাচনক লৈ বহু কংগ্ৰেছী নেতাইও কংগ্ৰেছে পুনৰ দল গঠন কৰাৰ কথা প্ৰকাশ কৰিছে।