গুৱাহাটীতে ওলাল ক’ৰোনা ভাইৰাছৰ ভেকচিন! আইআইটি গুৱাহাটীত চলিছে কাম

Wednesday, 01 April 2020

দৈনিক বাতৰি

গুৱাহাটীতে ওলাল ক’ৰোনা ভাইৰাছৰ ভেকচিন! আইআইটি গুৱাহাটীত চলিছে কাম

জিপ্লাছ | March 25, 2020 18:05 hrs

২৫ মাৰ্চ, গুৱাহাটী - ক’ৰোনা ভাইৰাছৰ ভেকচিন সম্ভৱতঃ শীঘ্ৰেই লাভ কৰিব দেশবাসীয়ে। দেশবাসীয়ে লাভ কৰাৰ পূৰ্বেই হয়তো লাভ কৰিব অসমে। কিয়নো আইআইটি গুৱাহাটীৰ এদল গৱেষকে ক’ৰোনা ভাইৰাছৰ এক ভেকচিন প্ৰস্তুত কৰাৰ বাবে দিনে নিশাই কৰিছে কাম।

প্ৰাপ্ত তথ্য অনুসৰি, SARS-CoV-2 ৰ ইমিউন’জেনিক প্ৰ’টিনৰ ক্লোন প্ৰস্তুত কৰাৰ বাবে কাম কৰ আছে, যিটোক এই ৰোগৰ ডায়েগ্ন’ষ্টিকৰ লগতে সাম্ভাৱ্য ভেকচিন হিচাপেও ব্যৱহাৰ কৰিব পৰা যাব।

অৱশ্যে আইআইটি কৰ্তৃপক্ষই স্পষ্ট কৰি দিছে যে এয়া মাথো প্ৰাৰম্ভিক ধাৰণাৰ কামহে আৰু এইক্ষেত্ৰত ‘চেল কালছাৰ’ত সঠিকভাৱে সত্যাপন কৰাৰ প্ৰয়োজনীয়তা আছে, লগতে জন্তুৰ নমুনাৰ ওপৰতো ইয়াৰ ব্যৱহাৰিক পৰীক্ষাৰ প্ৰয়োজন আছে, তাৰ পিছতহে এই ভেকচিনৰ ওপৰত চূড়ান্ত দিশ উল্লেখ কৰিব পৰা যাব।

উল্লেখ্য যে পূৰ্বেও এই গৱেষক দলটোৱে জাপানীজ এনকেফেলাইটিজ আৰু ক্লাছিকেল স্বোৱাইন ফ্লু ভাইৰাছৰ বাবে ৰিক’ম্বিনেণ্ট ভেকচিন প্ৰস্তুত কৰি উলিয়াইছিল।

এই গৱেষকৰ দলটোক নেতৃত্ব প্ৰদান কৰিছে বায়’ছায়েন্স আৰু বায়’ ইঞ্জিনিয়াৰিং বিভাগৰ অধ্যাপক শচীন কুমাৰে।