গুৱাহাটীত জব্দ বৃহৎ পৰিমাণৰ অবৈধ বিদেশী চিগাৰেট

Wednesday, 19 February 2020

দৈনিক বাতৰি

গুৱাহাটীত জব্দ বৃহৎ পৰিমাণৰ অবৈধ বিদেশী চিগাৰেট

জি প্লাছ নিউজডেস্ক | November 29, 2018 12:19 hrs

গুৱাহাটী - ৰাজহ চোৰাংচোৱা সংঞ্চালকালয়ে গুৱাহাটীত জব্দ কৰিছে বিপুল পৰিমাণৰ অবৈধ বিদেশী চিগাৰেট। গুৱাহাটীৰ এক গুডামৰ পৰা ৩৩,৬০,০০০ ডাল বিদেশী চিগাৰেট জব্দ কৰিছে বিভাগটোৱে। উল্লেখ্য যে এই সামগ্ৰীসমূহৰ মূল্য ৩,৯৮,০০,০০০ টকা বুলি উল্লেখ কৰিছে ৰাজহ চোৰাংচোৱা বিভাগে। জানিব পৰা মতে জব্দ কৰা চিগাৰেটখিনিৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় বজাৰত অবৈধভাৱে বিক্ৰী হোৱা চিগাৰেটৰ লগতে স্থানীয়ভাৱে প্ৰস্তুত কৰা চিগাৰেটো আছে।


বৰ্তমান চিগাৰেটৰ ওপৰত থকা কৰৰ হাৰৰ ওপৰত ভিত্তি কৰি ধাৰণা কৰা হৈছে যে ভাৰত চৰকাৰে প্ৰতিবছৰে ১৩,০০০ কোটি টকাৰ ৰাজহ হেৰুৱাই আছে এই অবৈধ চিগাৰেটৰ ব্যৱসায়ৰ বাবে।

গুৱাহাটীত জব্দ হোৱা বিদেশী চিগাৰেটসমূহ