হোজাইত বস্তাই বস্তাই নিচাজাতীয় টেবলেটৰ খালী বাকলি উদ্ধাৰ

Thursday, 19 September 2019

দৈনিক বাতৰি

হোজাইত বস্তাই বস্তাই নিচাজাতীয় টেবলেটৰ খালী বাকলি উদ্ধাৰ

জিপ্লাছ নিউজ ডেস্ক | September 11, 2019 15:34 hrs

১১ ছেপ্তেম্বৰ, গুৱাহাটী : ৰাজ্যজুৰি একাংশ দুষ্ট  চক্ৰই অব্যাহত ৰাখিছে অবৈধ নিচাজাতীয় ঔষধৰ বেহা। হোজাই চহৰৰ ঠেপেলাগুৰি বনাঞ্চলৰ পথৰ দাঁতিত বস্তাই বস্তাই নিচাজাতীয় টেবলেটৰ খালী বাকলি উদ্ধাৰ কৰা হয়। পেলাই থোৱা অৱস্থাত উদ্ধাৰ হোৱা এই বৃহৎ পৰিমাণৰ বাকলিসমূহক দেখি স্থানীয় লোক হতবাক হয়। 


কোনে এই নিচাজাতীয় টেবলেটৰ এই বাকলি বোৰ পেলাই গৈছে তাকে লৈ সন্দেহৰ আৱৰ্তত স্থানীয় লোকসকল। ৰাইজৰ সন্দেহমতে  এয়া কোনো অসাধু চক্ৰৰ কাণ্ড।দীৰ্ঘদিনৰ পৰা হোজাইত এচাম লোকে চলাই আহিছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। একাংশ নৱপ্ৰজন্মক ড্ৰাগছৰ প্ৰতি আসক্ত কৰি তুলিছে এই দুষ্ট চক্ৰসমূহে।  

Banner