স্বাধীনতা দিৱস উপলক্ষে যান-বাহন চলাচল পথৰ সাল সলনি
দৈনিক বাতৰি

স্বাধীনতা দিৱস উপলক্ষে যান-বাহন চলাচল পথৰ সাল সলনি

জি প্লাছ নিউজডেস্ক | August 14, 2019 16:44 hrs

১৪ আগষ্ট, গুৱাহাটী : খানাপাৰা চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত ৰাজ্য চৰকাৰৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে উদযাপিত হ’ব ৭৩ সংখ্যক স্বাধীনতা দিৱস। অনুষ্ঠানৰ শান্তিপূৰ্ণ আয়োজন আৰু সমাগম হ’বলগীয়া অতিথি থকা দৰ্শকে যাতে কোনো সমস্যাৰ সন্মুখীন নহয় তাৰ বাবে জিলা প্ৰশাসন, আৰক্ষীয়ে প্ৰস্তুতি  সম্পূৰ্ণ  কৰি তুলিছে। লক্ষাধিক লোকৰ সমাগম হ’বলগীয়া অনুষ্ঠানৰ সময়ছোৱাত যাতায়াত ব্যৱস্থা শৃংখলাবদ্ধ কৰি ৰখাৰ উদ্দেশ্যে মহানগৰ আৰক্ষীয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। যান-বাহন আৰক্ষীৰ উপ- আয়ুক্ত প্ৰশান্ত শইকীয়াই এক বিবৃতিযোগে জনায়  -

১)অনুষ্ঠানৰ সময়ছোৱাত ৩১ নং আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গুৱাহাটীলৈ অহিবলগীয়া সামগ্ৰী কঢ়িওৱা সকলো যান-বাহন ক্ষেত্ৰী, সোণাপুৰ, বৰ্ণিহাট, যোৰোবাট, জালুকবাৰী, আমিনগাওঁ আৰু বনগাৰাত ৰখোৱা হ'ব।  

২) অনুষ্ঠানৰ সময়ছোৱাত কইনাধৰা পইণ্ট অথবা ৰিছাৰ্চ গে’ট পইণ্টৰ পৰা মিউজিয়াম পইণ্টলৈ বাহনৰ প্ৰৱেশ নিষেধ।

৩) ছায়েন্স মিউজিয়ামৰ দিশৰ পৰা কইনাধৰা পইণ্টলৈ কেৱল ৰঙা আৰু নীলা প্ৰৱেশপত্ৰ থকা বাহনহে প্ৰৱেশ কৰিব পাৰিব। 

৪) অনুৰূপ প্ৰৱেশপত্ৰ থকা বাহন জি এচ ৰোড, খানাপাৰা ৰটাৰী, ৩৭ নং ঘাইপথ, আই জি প্ৰিজন অফিচ গে’ট হৈ কইনাধৰালৈ যাব পাৰিব। অথবা নিৰ্ধাৰিত স্থানত ৰখোৱা হ’ব।      

৫) খানাপাৰা, ছয়মাইল দিশৰপৰা জি এছ ৰোডলৈ সামগ্ৰী কঢ়িওৱা বাহন প্ৰৱেশত নিষেধাজ্ঞা জাৰি কৰা হৈছে। 

৬) অনুমতি পত্ৰ অবিহনে অনুষ্ঠানলৈ দৰ্শক কঢ়িওৱা যান-বাহন গণেশ মন্দিৰ আন্তঃদ্বাৰ ষ্টেডিয়ামত ৰখাব লাগিব অথবা ছয়মাইল, জয়ানগৰ চাৰিআলি পইণ্টৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ দ্বাৰৰ সমূখলৈ নিব লাগিব।

৭) বশিষ্ঠ চাৰিআলিৰ দিশৰ পৰা বাহনেৰে অনুষ্ঠানস্থলীলৈ যোৱা দৰ্শকে বাহনসমূহ ৩৭ নং ঘাইপথেৰে কইনাধৰা পইণ্ট হৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দক্ষিণ দিশেৰে ছাৰ্ভিচ ৰোডত ৰখাব লাগিব। 

পাৰ্কিং - 
আৰক্ষী, নিৰাপত্তাৰক্ষীৰ উপৰি অনুষ্ঠানৰ পেৰেড আৰু সাংস্কূতিক কাৰ্যসূচীত অংশগ্ৰহণকাৰীৰ বাহন পশু চিকিৎসা মহাবিদ্যালয়ৰ চৌহদৰ সমীপৰ পথত এ এ এছ চি গেটৰ পৰা জয়ানগৰপৰ্যন্ত ৰখাব পাৰিব। 

দৰ্শকৰ বাহন এ এ এছ চি গেটৰপৰা জয়ানগৰ পৰ্যন্ত, গণেশ মন্দিৰৰ আন্তঃদ্বাৰ ষ্টেডিয়াম কমপ্লেক্স আৰু  খানাপাৰা পইণ্টত ৰখাব লাগিব।

ন' পাৰ্কিং      

কইনাধৰা পইণ্টৰ পৰা খনাপাৰা ৰ'টাৰীলৈ

কইনাধৰা পইণ্টৰ পৰা আই জি প্ৰিজন অফিচ পইণ্টলৈ

এ এ এছ চি গেটৰ পৰা ৰিছাৰ্চ গে’টপইণ্ট 

জি এছ ৰোড, বি বৰুৱা ৰোড, কে এল বি ৰোড , জি এন বি ৰোড আৰু এম জি ৰোড।