বিহাৰত ১৫ বছৰীয়া যুৱতীক ধৰ্ষণ । ভাৰত নিউজ
দৈনিক বাতৰি

বিহাৰত ১৫ বছৰীয়া যুৱতীক ধৰ্ষণ

জি প্লাছ নিউজ | January 13, 2021 16:20 hrs

গুৱাহাটী: এক জঘন্য ঘটনা সংঘটিত হৈছে বিহাৰৰ মধুৱনী জিলাত । পোহৰলৈ আহিছে এগৰাকী ১৫ বছৰীয়া শ্ৰুতিহীন আৰু মূকবধিৰ যুৱতীক ধৰ্ষণ কৰাৰ ঘটনা  ।  অপৰাধীক যাতে যুৱতীগৰাকীয়ে চিনাক্ত কৰিব নোৱাৰে তাৰ বাবে দুৰ্বৃত্তই যুৱতীগৰাকীৰ চকুত আঘাত কৰা বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে । 


সংকটজনক অৱস্থাত উদ্ধাৰ কৰা যুৱতীগৰাকীৰ  চকুত আঘাতৰ চিন স্পষ্ট হৈ আছিল । অৱশ্যে এতিয়াও নিশ্চিত হোৱা নাই যে যুৱতীগৰাকীয়ে সম্পূৰ্ণ ৰূপে দৃষ্টিশক্তি  হেৰুৱাই পেলাইছে বুলি ।


আৰক্ষী অধীক্ষক সত্য প্ৰকাশে মঙলবাৰে কয় যে, এই ঘটনা সন্দৰ্ভত হৰলাখী থানা অন্তৰ্গত কাওৱাহা বৰহী গাঁৱৰ তিনিগৰাকী লোকক আটক কৰা হৈছে ।


গাঁৱৰ মুৰব্বী ৰাম ইকৱাল মণ্ডলে জানিবলৈ দিয়ে যে, কেইজনমান শিশুৰ সৈতে যুৱতীগৰাকীয়ে ছাগলী চৰাবলৈ যাওঁতেই সংঘটিত হৈছিল এই ঘটনা ।


প্ৰথমে সংকটজনক অৱস্থাত যুৱতীগৰাকীক উমগাঁও কমিউনিটি স্বাহ্য কেন্দ্ৰত ভৰ্তি কৰোওৱা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে মধুৱনী সাদৰ হাস্পতাললৈ প্ৰেৰণ কৰে বুলি হৰলাখী আৰক্ষী থানাৰ বিষয়াই জানিবলৈ দিয়ে ।