টাইৱানৰ ৰাষ্ট্ৰদূত পদত নিযুক্তি অসম সন্তান গৌৰাঙ্গলাল দাস
দৈনিক বাতৰি

টাইৱানৰ ৰাষ্ট্ৰদূত পদত নিযুক্তি অসম সন্তান গৌৰাঙ্গলাল দাস

জিপ্লাছ নিউজ ডেস্ক | July 13, 2020 12:47 hrs

১৩ জুলাই, গুৱাহাটী: টাইৱানৰ নতুন ৰাষ্ট্ৰদূত পদত নিযুক্তি  অসম সন্তান গৌৰাঙ্গলাল দাসক।  বৰপেটাৰ এইগৰাকী সুযোগ্য সন্তানে ১৯৯৯ চনৰ ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া দাসে বৰ্তমান আমেৰিকাত থকা ভাৰতীয় দূতবাসত যুটীয়া সচিব হিচাবে কৰ্মৰত হৈ আছিল ৷

দাসে ১৯৯১ চনত মেট্ৰিক পৰীক্ষাত ৰাজ্যৰ ভিতৰত প্ৰথম স্থান পাইছিল আৰু ইংৰাজী বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰিছিল। উচ্চতৰ মাধ্যমিক পৰীক্ষাত কটন কলেজৰ পৰা বিজ্ঞান শাখাত তেওঁ ৰাজ্যৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰিছিল। 

পৰৱৰ্তী সময়ত দিল্লীৰ ছেইণ্ট ষ্টিফেন মহাবিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত স্নাতক আৰু স্কুল অব ইক’নমিকছৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।  

ইয়াৰোপৰি ২০১৭ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সাক্ষাৎত দাসে গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিছিল।   

অত্যন্ত মেধাৱী গৌৰাঙ্গলাল দাস বৰপেটাৰ প্ৰয়াত ডাঃ মতিলাল দাসৰ পুত্ৰ ৷ ইণ্ডিয়া- টাইপেছ এছ’চিয়েছনৰ নতুন সঞ্চালক হ’ব অসম সন্তান গৰাকী। তেখেতৰ এই সুখবৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে।