চৰকাৰে সংশোধন কৰিব ছোৱালীৰ বিবাহৰ বাবে প্ৰয়োজনীয় ন্যূনতম বয়সৰ
দৈনিক বাতৰি

অতি সোনকালে চৰকাৰে সংশোধন কৰিব ছোৱালীৰ বিবাহৰ বাবে প্ৰয়োজনীয় ন্যূনতম বয়সৰ - G Plus Assam

জি প্লাছ নিউজ | October 16, 2020 16:20 hrs

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুক্ৰবাৰে কয় যে নিৰ্ধাৰিত সমিতিৰ পৰা প্ৰতিবেদন লাভ কৰাৰ পিছতে চৰকাৰে ছোৱালীসকলৰ বাবে বিবাহৰ নিম্নতম বয়স সংশোধন কৰাৰ বাবে শীঘ্ৰে সিদ্ধান্ত ল'ব।


খাদ্য আৰু কৃষি সংস্থাৰ ৭৫ তম বাৰ্ষিকীত ৭৫ মূল্যৰ এক স্মাৰক টকা উন্মোচনৰ হেতু মোডীয়ে এক ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে অংশ গ্ৰহণ কৰিছিল। আৰু তাতে এই কথা ঘোষণা কৰে।


“কন্যাৰ বাবে বিবাহৰ আদৰ্শ বয়স কিমান হ’ব লাগে সেয়া নিৰ্ণয় কৰিবলৈ এক গুৰুত্বপূৰ্ণ আলোচনা চলি আছে,” প্ৰধান মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে।


মোদীয়ে কয় যে তেওঁক সমিতিখনৰ প্ৰতিবেদনৰ বিষয়ে প্ৰশ্ন কৰি দেশৰ বিভিন্ন প্ৰান্তৰ মহিলাৰ পৰা পত্ৰ লাভ কৰি আছে যে চৰকাৰে ইয়াৰ ওপৰত কেতিয়া এক দৃঢ় সিদ্ধান্ত ল'ব।


“মই তেওঁলোকক সুনিশ্চিত কৰিব বিচাৰো যে, সমিতিখনৰ প্ৰতিবেদন দাখিল হোৱা পিছত চৰকাৰে অতি সোনকালেই এই বিষয়ত সিদ্ধান্ত ল’ব।” প্ৰধান মন্ত্ৰী গৰাকীয়ে সদৰি কৰে।