India Ranks 7th Among Countries Worst Affected by COVID-19 | Assamese News
দৈনিক বাতৰি

ক’ভিড-১৯ ত আটাইতকৈ বেছি ক্ষতিগ্ৰস্থ হোৱা দেশৰ তালিকাত ৭ম স্থানত ভাৰত

জিপ্লাছ | June 02, 2020 09:36 hrs

০২ জুন, গুৱাহাটী - প্ৰতিদিনেই ভাৰতত ক’ৰোনা আক্ৰান্তৰ সংখ্যা এনেভাৱে বৃদ্ধি পাইছে যে সম্প্ৰতি বিশ্বৰ ভিতৰতে আটাইতকৈ বেয়াকৈ প্ৰভাৱিত দেশসমূহৰ তালিকাত ৭ম স্থানত উপনীত হৈছে ভাৰত। সমগ্ৰ দেশতে এই পৰ্যন্ত ক’ৰোনা আক্ৰান্ত লোকৰ সংখ্যা প্ৰায় ২ লাখ হৈছেগৈ। মুঠ ১,৯৮,৭০৬ গৰাকী লোক আক্ৰান্ত হৈছে দেশত। 

উল্লেখ্য যে এইসমূহৰ ভিতৰত এতিয়াও চিকিৎসাধীন হৈ আছে ৯৭,৫৮১ গৰাকী লোক। মৃত্যু হৈছে ৫৫৯৮ গৰাকী লোকৰ। এই তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে। 

তথ্য অনুসৰি কেৱল দেশৰ ৰাজধানী দিল্লীতেই আক্ৰান্ত হৈছে ২০,৮৩৪ গৰাকী লোক, ইয়াৰে ৫২৩ গৰাকী লোকৰ মৃত্যু হৈছে। 

মহাৰাষ্ট্ৰ সমগ্ৰ দেশৰ ভিতৰতে আটাইতকৈ বেয়াকৈ প্ৰভাৱিত ৰাজ্য হিচাপে অভিহিত হৈছে। ৰাজ্যখনত ৭০০০০ তকৈ অধিক লোক ক’ৰোনাত আক্ৰান্ত হৈছে। এই পৰ্যন্ত মহাৰাষ্ট্ৰত মৃত্যু হৈছে ২৩৬২ গৰাকী লোকৰ। 

ইফালে তামিলনাডুত ২৩,৪৯৫ গৰাকী লোক আক্ৰান্ত হৈছে, গুজৰাটত আক্ৰান্ত হৈছে ১৭,২০০ গৰাকী লোক।  অসমত এই পৰ্যন্ত ১৪৮৫ গৰাকী লোক আক্ৰান্ত হৈছে। মৃত্যু হৈছে ৪ গৰাকী লোকৰ।