৯৪ তম স্থানেৰে 'তীব্ৰ' ক্ষুধাৰ শ্ৰেণীত ভাৰত, বিশ্ব ক্ষুধা সূচক ২০২০
দৈনিক বাতৰি

৯৪ তম স্থানেৰে 'তীব্ৰ' ক্ষুধাৰ শ্ৰেণীত ভাৰত, বিশ্ব ক্ষুধা সূচক ২০২০ - G Plus Assam

জি প্লাছ নিউজ | October 17, 2020 12:19 hrs

ক্ষুধাৰ হিচাপত ১০৯ খন দেশৰ ভিতৰত ভাৰত ৯৪ তম স্থানত আছে আৰু বিশ্ব ক্ষুধা সূচক ২০২০ তথ্য অনুসৰি 'তীব্ৰ' ক্ষুধা শ্ৰেণীত আছে। 


যোৱা বছৰত, ভাৰতৰ GHI স্থান আছিল ১১৭ খন দেশৰ ভিতৰত ১০২।


ভাৰতৰ স্থান বহু কেইখন দক্ষিণ এছিয়ান দেশ - পাকিস্তান (৮৮), নেপাল (৭৩), বাংলাদেশ (৭৫), শ্ৰী লংকা (৬৪), ম্যানমাৰতকৈও মন্দ। কেৱল মাত্ৰ আফগানিস্তানহে আছে ৯৯ স্থানত। ভূটানৰ পৰিসংখ্যা এতিয়াও উপলব্ধ নহয়।


প্ৰকাশিত তথ্যৰ মতে, ১৪% ভাৰতৰ জনসংখ্যায়ে উপযুক্ত পুষ্টি লাভ নকৰে।


বিশ্ব ক্ষুধা সূচক “বিশ্বব্যাপী, আঞ্চলিক আৰু ৰাষ্ট্ৰীয় স্তৰত ক্ষুধা মাপ ৰখা আৰু অনুসৰণ কৰাৰ বাবে প্ৰস্তুত কৰা এক সঁজুলি”।  গণনাৰ বাবে ৰাষ্ট্ৰসংঘ আৰু অন্যান্য বহুপক্ষীয় সংস্থাসমূহৰ তথ্য ব্যৱহাৰ কৰা হয়।