কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দুৰ্লভ প্ৰজাতিৰ  ‘স্বৰ্ণ বাঘ’
দৈনিক বাতৰি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দুৰ্লভ প্ৰজাতিৰ  ‘স্বৰ্ণ বাঘ’

জিপ্লাছ নিউজ ডেস্ক | July 13, 2020 11:28 hrs

১৩ জুলাই, গুৱাহাটী: অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দেখা গ’ল ভাৰতৰ একমাত্ৰ দুৰ্লভ স্বৰ্ণ বাঘ। বন্যজীৱৰ ফটোগ্ৰাফাৰ ময়ুৰেশ হেন্দ্ৰেৰৰ কেমেৰাত বন্দী হৈছিল এই বিশেষ  বাঘটোৰ ছবি। 

ভাৰতীয় বন বিষয়া এগৰাকীয়ে  পৰবীন কেছৱানে বাঘটোৰ ছবিখন শ্বেয়াৰ কৰাৰ পাছতে সামাজিক মাধ্যমত ব্যাপকভাৱে  চৰ্চা লাভ কৰিছে বাঘটোৰ ছবি। তেওঁ টুইটযোগে লিখে,‘এই বাঘবিধ সমগ্ৰ ভাৰততেই দুৰ্লভ। ‘পুনৰাৱৰ্তী জিন’ৰ বাবে এই বাঘটোৰ ৰং সোণালী ৰঙৰ হয়। 
ৰয়েল বেংগল টাইগাৰৰ বিপৰীতে এই বাঘটোৰ শৰীৰত ৰঙা আৰু বাদামী ৰঙৰ আঁচ থাকে আৰু সোণালী ৰং সন্নিহিত থাকে ।’