ভাৰতত মুকলি কৰা হ’ব বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম 

Saturday, 29 February 2020

দৈনিক বাতৰি

ভাৰতত মুকলি কৰা হ’ব বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম 

জিপ্লাছ নিউজ ডেস্ক | January 25, 2020 15:07 hrs

২৫ জানুৱাৰী , গুৱাহাটী : ক্ৰীড়া ক্ষেত্ৰত ভাৰতৰ অগ্ৰনী পদক্ষেপ। অতি শীঘ্ৰেই গুজৰাটৰ আহমেদাবাদত মুকলি কৰা হ’ব বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম। ৬৩ একৰ ভূমিত ৭০০ কোটি টকা ব্যয়েৰে ১.১০ হাজাৰ লোকে খোল চাব পৰাকৈ গুজৰাটত চৰ্দাৰ পেটেল ষ্টেডিয়াম নামেৰে নিৰ্মাণ কৰি আছে ষ্টেডিয়ামখন। 

উল্লেখ্য যে মেলবৰ্ণৰ ক্ৰিকেট গ্ৰাউণ্ডকো পিছ পেলাবলৈ সক্ষম হ’ব এই নৱনিৰ্মিত ষ্টেডিয়ামখন। চলিত বৰ্ষৰ মাৰ্চ মাহত মুকিল কৰাৰ সম্ভাৱনা আছে ষ্টেডিয়ামখন।

উক্ত ষ্টেডিয়ামখনত অনুশীলন বাবে পৃথক গ্ৰাউণ্ড,ইণ্ড’ৰ ক্ৰিকেট গ্ৰাউণ্ড, ক্লাব হাউছৰ লগতে উপযুক্ত পাৰ্কিঙৰ সুবিধাও উপলব্ধ থাকিব।

জিপ্লাছ নিউজ ডেস্ক