কৰোনা ভাইৰাছত আক্ৰান্ত ৰোগীৰ বাবে আইছলেটেড ৱাৰ্ড হিচাপে গঢ় দিছে ৰে’লৰ দবাক

Saturday, 06 June 2020

দৈনিক বাতৰি

কৰোনা ভাইৰাছত আক্ৰান্ত ৰোগীৰ বাবে আইছলেটেড ৱাৰ্ড হিচাপে গঢ় দিছে ৰে’লৰ দবাক

জিপ্লাছ নিউজ ডেস্ক | March 28, 2020 16:47 hrs

২৮ মাৰ্চ, গুৱাহাটীঃ দেশজুৰি কৰোনাতংক।দেশত ক্ৰমাৎ বৃদ্ধি পাইছে ক’ৰোণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা। এতিয়া ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ তৎপৰ হৈছে ৰে’ল বিভাগ।

কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰতীয় ৰে’লৱে বিভাগে ৩ লাখ ৰোগীৰ বাবে সাময়িকভাবে আইছ’লেছন ৱাৰ্ড হিচাপে গঢ়ি তুলিছে। উত্তৰ-পূব ৰে’লৱেৰ জেনেৰেল মেনেজাৰ ৰাজীৱ চৌধুৰীয়ে সংবাদমাধ্যমক জনায় যে স্বাস্থ্য বিভাগৰ সৈতে আলোচনা কৰি এতিয়ালৈকে ৰে’লৰ শ্লিপিং কেবিনৰ দবাসমূহক আইছলেশ্যন ৱাৰ্ড হিচাপে নিৰ্মাণ কৰিছে।

ইয়াৰ পৰিৱৰ্তেও ৰে’লৱে বিভাগে অনাগত দিনত প্ৰত্যেকখন ৰে’ল তথা এটাকৈ ৰে’লৱে বিল্ডিং কভিড -১৯ আক্ৰান্ত ৰোগীৰ বাবে গঢ়ি তুলিবলৈ ব্যৱস্থা হাতত লৈছে। 
    
আনহাতে কামাখ্যা ৰে’ল ষ্টেচনতো ৰে’লৰ কেবিনত আইছ’লেটেড ৱাৰ্ড হিচাপে গঢ়ি তুলা হৈছে। এই বিশেষ ৱাৰ্ডত ৯জন ৰোগী থাকিব পৰাৰ ব্যৱস্থা কৰিছে বিভাগে।