দৈনিক বাতৰি
১৮৯ গৰাকী যাত্ৰীসহ ইণ্ডোনেছিয়াৰ জাভা সাগৰত পৰিল বিমান
গুৱাহাটী - ইণ্ডোনেছিয়াত ভয়ংকৰ বিমান দুৰ্ঘটনা। জাভা সাগৰত পৰিল এখন যাত্ৰীবাহী বিমান। লায়ন এয়াৰৰ JT610 ব’য়িং 737 MAX বিমানখনে জাকাৰ্টাৰ পৰা উৰা মৰাৰ ১৫ মিনিট পিছতেই সংযোগ বিহীন হৈ পৰিছিল। ১৮৯ গৰাকী যাত্ৰীসহ উৰা মৰা বিমানখনৰ কেইগৰাকী যাত্ৰীৰেই মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। সম্প্ৰতি জাভা সাগৰত চলি আছে উদ্ধাৰ অভিযান। ভালেমান ধ্বংসাৱশেষো উদ্ধাৰ হৈছে ইতিমধ্যে।
Comments (0)
মন্তব্য প্ৰেৰণ কৰক