ডিব্ৰুগড় মেডিকেল কলেজত অক্সিজেনৰ অভাৱত নৱজাতকৰ মৃত্যু

Thursday, 24 September 2020

দৈনিক বাতৰি

ডিব্ৰুগড় মেডিকেল কলেজত অক্সিজেনৰ অভাৱত নৱজাতকৰ মৃত্যু

জিপ্লাছ ব্যুৰ’ | July 26, 2019 19:39 hrs

২৬ জুলাই, গুৱাহাটী : ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত  অক্সিজেনৰ অভাৱত কালি এটি নৱজাতকৰ মৃত্যু হয়। যোৱা ১৭ জুলাইত নামৰূপৰ শিলনী নগা গাঁৱৰ সুনীত সোণোৱাল আৰু ঊষাৰাণী সোণোৱালৰ এটি পুত্ৰ সন্তানৰ জন্ম হয়।

শিশুটিৰ খাদ্যনলীৰ জটিলতাৰ বাবে ২২ জুলাইত এটি অস্ত্ৰোপচাৰৰ পিচত অক্সিজেন চিলিণ্ডাৰৰ আই চি ইউ ত ৰখা হৈছিল।

কিন্তু চিকিৎসালয়খনত অক্সিজেনৰ অভাৱৰ বাবে অন্য এটি শিশুলৈ চিলিণ্ডাৰটো খুলি নিয়াৰ পাছত নিশা শিশুটোৰ মৃত্যু হয়।

শিশুটোৰ অভিভাৱকৰ লগতে স্থানীয় ৰাইজে চিকিৎসালয়খনত পৰ্যাপ্ত অক্সিজেন চিলিণ্ডাৰৰ অভাৱৰ বাবে অভিযোগ উত্থাপন কৰে। উল্লেখ্য যে প্ৰায় ২০০ টা অক্সিজেন চিলিণ্ডাৰৰ নাটনি বুলি জানিব পৰা গৈছে।