পৰৱৰ্তী ১৪ দিনলৈ গুৱাহাটীৰ পৰা আন্তঃজিলা ভ্ৰমণত নিষেধাজ্ঞা আৰোপ ৰাজ্য চৰকাৰৰ
দৈনিক বাতৰি

পৰৱৰ্তী ১৪ দিনলৈ গুৱাহাটীৰ পৰা আন্তঃজিলা ভ্ৰমণত নিষেধাজ্ঞা আৰোপ ৰাজ্য চৰকাৰৰ

জিপ্লাছ নিউজ ডেস্ক | June 26, 2020 14:21 hrs

২৬ জুন, গুৱাহাটী:  ৰাজ্যজুৰি কৰ’ণাৰ ভয়াবহ সংক্ৰমণক ৰোধিবলৈ তৎপৰ ৰাজ্য চৰকাৰ।আজি ৰাজ্যৰ বিত্ত তথা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেলযোগে সমগ্ৰ কামৰূপ মেট্ৰ’ত দেওবাৰে নিশা ১২ বজাৰ পৰা ১২ জুলাইলৈ কঠোৰ লকডাউনৰ ঘোষণা কৰে।  

লগতে মন্ত্ৰীগৰাকীয়ে এইবাৰৰ লকডাউন পূৰ্বৰ বাৰতকৈ কঠোৰ হ’ব বুলি ঘোষণা কৰে। নিজ গৃহৰ পৰা গুৱাহাটীত থকা লোকসকলক দেওবাৰৰ ভিতৰতে নিজ গৃহলৈ যাবলৈ অনুমতি প্ৰদান কৰি কয় যে  পৰৱৰ্তী লকডাউনৰ সময়ছোৱাত আন্তঃজিলা ভ্ৰমণ কৰিবলৈ অনুমতি প্ৰদান কৰা নহ’ব। কেৱল ৰোগীৰ বাবেহে যাতায়ত ব্যৱস্থা মুকলি কৰা হ’ব। অন্য জিলাৰ পৰা গুৱাহাটীলৈ আনিবলৈ হ’লে ৰোগীৰ ৰিপৰ্ট আৰু প্ৰেছক্ৰিপশ্যন দেখুৱাইহে পাছ উলিয়াব পাৰিব।

আনহাতে মন্ত্ৰীগৰাকীয়ে ৰাজ্যজুৰি উইকেণ্ড লকডাউনৰ ঘোষণা কৰি কয় যে প্ৰত্যেক শণিবাৰ আৰু দেওবাৰে সন্ধ্যা ৭ বজাৰ পৰা পুৱা ৭ বজালৈ কাৰ্ফিউৰ ঘোষণা কৰে।