২২ জুলাই ৰ পৰা অনিৰ্দিষ্টকাললৈ বন্ধ আন্তঃজিলা যাতায়ত ব্যৱস্থা
১৮ জুলাই, গুৱাহাটী:ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে কৰ’ণা আক্ৰান্তৰ সংখ্যা। ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে যোৱা তিনিসপ্তাহে মহানগৰীত সম্পূৰ্ণ লকডাউনৰ ঘোষণা কৰিছিল। উক্ত সময়ছোৱাত মহানগৰীৰ পৰা আন্তঃজিলা যাতায়ত ব্যাৱস্থাও বন্ধ কৰি দিয়া হয়।
আজি ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই এখন সংবাদমেলযোগে আনলক ১ ৰ সকলো নীতি নিৰ্দেশনাসমূহ উল্লেখ কৰি কয় যে অহা ২০ আৰু ২১ জুলাইত লোকসকলে আন্তঃজিলা যাতায়ত কৰিব পাৰিব। ২২ জুলাইৰ পৰৱৰ্তী জাননী জাৰি নকৰা পৰ্যন্ত পুনৰ সকলোধৰণৰ আন্তঃজিলা যাতায়ত ব্যৱস্থা বন্ধ কৰা হ’ব।
আনহাতে ২২ জুলাইৰ পাছত স্বাস্থ্যসেৱা আৰু জৰুৰীকালীন পৰিস্থিতিৰ বাবে আন্তঃজিলা যাতায়ত কৰিবলৈ জিলাৰ জিলা উপাযুক্তৰ পৰা অনুমতি লব লাগিব।