দেশৰ সুৰক্ষাৰ বাবে প্ৰথমটো উপগ্ৰহ উৎক্ষেপন ইছৰ’ৰ
দৈনিক বাতৰি

দেশৰ সুৰক্ষাৰ বাবে প্ৰথমটো উপগ্ৰহ উৎক্ষেপন ইছৰ’ৰ

জিপ্লাছ নিউজ ডেস্ক | November 19, 2019 12:31 hrs

  ১৯ নৱেম্বৰ, গুৱাহাটী : ভাৰতৰ মহাকাশ গৱেষণা কেন্দ্ৰৰ আন এক সাফল়্য।  চলিত মাহৰ নৱেম্বৰত ইছৰ’ৰ কাৰ্ট’ছেট- ৩ উৎক্ষেপনৰ ঘোষণা। ইছৰ’ৱে অহা নৱেম্বৰৰ ২৫ তাৰিখে পূথিৱীৰ ছবি ল’ব পৰাকৈ কাৰ্ট’ছেট -৩ নামৰ কৃত্ৰিম উপগ্ৰহটো উৎক্ষেপন কৰিব।     

প্ৰাপ্ত তথ্য অনুসৰি কাৰ্ট’ছেট-৩ ৰ সমান্তৰালকৈ আমেৰিকাত নিৰ্মিত ১৩ টা বাণিজ্যিক নেন’ ছেটেলাইটো উৰমৰ বাবে সাজু কৰা হৈছে। 

ইছৰ’ৱে সংবাদমাধ্যমক কয় -“দেশৰ সুৰক্ষাৰ বাবে এই উপগ্ৰহকেইটাক উৎক্ষেপন কৰা হ’ব।  বতৰৰ ওপৰত লক্ষ্য ৰাখি অহা নৱেম্বৰৰ ২৫ তাৰিখে সতীশ ধৱন স্পেচ কেন্দ্ৰ শ্ৰীহৰিকোটাৰ পৰা কাৰ্ট’ছেট -৩ কৃত্ৰিম উপগ্ৰহটো উৎক্ষেপনৰ  বাবে ভাৰতীয় সময় অনুসৰি ০৯ : ২৮ ঘণ্টা পৰিকল্পনা কৰিছে ।