জম্মু-কাশ্মীৰ ৰাজ্য ভাগ হ’ব ৩১ অক্টোবৰত

Wednesday, 19 February 2020

দৈনিক বাতৰি

জম্মু-কাশ্মীৰ ৰাজ্য ভাগ হ’ব ৩১ অক্টোবৰত

জিপ্লা: ব্যুৰ’ | August 10, 2019 15:58 hrs

১০ আগষ্ট, গুৱাহাটী - লোকসভাত বিধেয়ক গৃহীত হোৱাৰ তিনিদিনৰ ভিতৰতে জম্মু আৰু কাশ্মীৰ পুনর্গঠন বিধেয়কত স্বাক্ষৰ কৰিলে ৰাষ্ট্রপতি ৰামনাথ কোবিন্দে। ৩১ অক্টোবৰৰ পৰা জম্মু-কাশ্মীৰ ৰাজ্য ভাঙি দুখন কেন্দ্র শাসিত অঞ্চললৈ পৰ্যবসিত হ’ব। জম্মু - কাশ্মীৰ আৰু লাডাখ।

এই দুই এলেকাৰ উপ-ৰাজ্যপাল কোন হ’ব তাক লৈ এতিয়া চলিছে জল্পনা-কল্পনা। প্রথম নামটো আহিছে প্রাক্তন আইপিএছ বিষয়া বিজয় কুমাৰৰ। তামিলনাড়ুৰ ১৯৭৫ বেট্ছৰ এই বিষয়াগৰাকী ২০১৮ চনৰে পৰা ৰাজ্যপাল সত্যপাল মালিকৰ পৰামৰ্শদাতা হিচাপে কাম কৰি আছে। বনদস্যু বীৰাপ্পানৰ দীৰ্ঘদিনীয়া সন্ত্ৰাস নাইকিয়া কৰাৰ ক্ষেত্ৰতো এইগৰাকী বিষয়াৰ আছিল যথেষ্ট অৱদান। ১৯৯৮ চনৰ পৰা ২০০১ পর্যন্ত বিএছএফ-এৰ আইজি হিচাপেও কাশ্মীৰত আচিল বিজয়। সন্ত্ৰাসবাদ দমনৰ বাবে  কেন্দ্র-ৰাজ্য সমন্বয়ৰ লক্ষ্যৰেই বিজয়ক ৰাজ্যপালৰ উপদেষ্টা নিয়োগ কৰা হৈছিল।

দ্বিতীয় নামটো আহিছে ১৯৭৬ চনৰ কেৰালা কেডাৰৰ আইপিএছ দীনেশ্বৰ শর্মাৰ। ২০১৭ চনত জম্মু-কাশ্মীৰৰ মধ্যস্থতাকাৰীৰ দায়িত্ব চম্ভালিছিল। শান্তি ওভতাই অনাৰ ক্ষেত্ৰত ৰাজনৈতিক দলবোৰৰ উপৰিও হুৰিয়তৰ সৈতেও আলোচনাৰ পক্ষপাতী আছিল তেওঁ। ইয়াৰ পিছতেই পিডিপি চৰকাৰৰ পৰা বিজেপিয়ে সমর্থন তুলি নিয়াৰ পিছত তেওঁৰ দায়িত্বও কার্যতঃ শেষ হৈছে।

ৰাজ্য বিভক্ত হোৱাৰ পিছত আগন্তুক কেবামাহ ধৰি যে কাশ্মীৰত অস্থিৰতা অক্ষুণ্ণ থাকিব সেয়া নিশ্চিত। অৰ্থাৎ এনে পৰিস্থিতিত এতিয়াই নিৰ্বাচন অনুষ্ঠিত নহয়, আৰু তাৰ ফলস্ৰুতিতেই সমগ্ৰ শাসন ক্ষমতা থাকিব উপ-ৰাজ্যপালৰ হাতত। 

Comment (1) মন্তব্য প্ৰেৰণ কৰক
  • This is to inform the general public that healthy Kidney

    This is to inform the general public that healthy Kidney donors are needed from all blood groups by Global Hospital, each donor gets 1.5 Cr. in Advance payment will be paid first to the donor before the operation will commence after which the balance will be paid after the completion of the operation. hurry now and contact us. whatsApp +918929375881. Email: globalkidneyhospital@gmail.com