উত্তৰ পূৰ্বাঞ্চলত জাপানে বিনিয়োগ কৰিব ১৩,০০০ কোটি টকা

Tuesday, 17 September 2019

দৈনিক বাতৰি

উত্তৰ পূৰ্বাঞ্চলত জাপানে বিনিয়োগ কৰিব ১৩,০০০ কোটি টকা

জিপ্লাছ ব্যুৰ’ | June 12, 2019 17:26 hrs

১২ জুন, গুৱাহাটী - জাপান চৰকাৰে ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত বিভিন্ন চলমান তথা নতুন প্ৰকল্পৰ বাবে ২০৫.৭৮৪ বিলিয়ন য়েন অৰ্থাৎ প্ৰায় ১৩,০০০ কোটি টকা বিনিয়োগ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে৷ আজি জাপানৰ ৰাষ্ট্ৰদূত কেনজি হিৰামাৎছু নেতৃত্বাধীন এক প্ৰতিনিধি দলৰ সৈতে ডনাৰ মন্ত্ৰী ডঃ জীতেন্দ্ৰ সিঙৰ এক সাক্ষাৎকাৰৰ পিছত এই তথ্য সদৰী কৰা হয়৷ 

জাপানে বিনিয়োগ কৰিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ প্ৰকল্প হ’ল অসমত গুৱাহাটী পানী যোগান প্ৰকল্প আৰু  গুৱাহাটী নৰ্দমা প্ৰকল্প, অসম আৰু মেঘালয়ৰ পথ নেটৱৰ্ক সংযোগৰ উত্তৰণ প্ৰকল্প, মেঘালয়ত উত্তৰ-পূব নেটৱৰ্ক সংযোগী উত্তৰণ প্ৰকল্প, ত্ৰিপুৰাত বনাঞ্চল বহনক্ষম ব্যৱস্থাপনা প্ৰকল্প, মিজোৰামত বহনক্ষম কৃষি আৰু জলসিঞ্চনৰ প্ৰযুক্তিগত সহযোগিতা প্ৰকল্প, নাগালেণ্ডৰ বনাঞ্চল ব্যৱস্থাপনা প্ৰকল্প ইত্যাদি৷

ডঃ জীতেন্দ্ৰ সিঙে যোৱা তিনি-চাৰি বছৰত উত্তৰ পূৰ্বাঞ্চলত বিকাশ আৰু পৰিৱৰ্তনৰ ক্ষেত্ৰত জাপানে প্ৰদান কৰা সহযোগিতাৰ শলাগ লয়৷  তেওঁ কয় যে অনাগত সময়ত সহযোগিতাৰ নতুন ক্ষেত্ৰ সন্ধান কৰি তাতো কাম আৰম্ভ কৰা হ’ব যাৰ ভিতৰত বাঁহ সম্বন্ধীয় সহযোগিতাও এটা অন্যতম প্ৰকল্প৷ 
 

উল্লেখ্য, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে ব্ৰিটিছ চৰকাৰৰ ৯০ বছৰীয়া পুৰণি ‘‘ভাৰতীয় বন আইন, ১৯১৯’’খন সংশোধন কৰি ঘৰতে উৎপাদিত বাঁহক ইয়াৰ আওতালৈ আনে৷

Banner

ড’নাৰ মন্ত্ৰী জীতেন্দ্ৰ সিংৰ সৈতে কেনজি হিৰামটাছু

Comment (1) মন্তব্য প্ৰেৰণ কৰক
  • Global Hospital

    Do you want to sell your kidney, Global Hospital is urgently in need for O+ve B+ve and A+ve kidney donation. If any one is willing to donate, please contact this whatsApp +918296078842. Email: globalkidneyhospital@gmail.com