যোৰহাটৰ পৰা আৰু নাপাব জেট এয়াৰৱেজৰ সেৱা

Wednesday, 20 November 2019

দৈনিক বাতৰি

যোৰহাটৰ পৰা আৰু নাপাব জেট এয়াৰৱেজৰ সেৱা

জি প্লাছ নিউজডেস্ক | December 06, 2018 10:47 hrs

গুৱাহাটী - যোৰহাটৰ পৰা দেশৰ বিভিন্ন স্থানলৈ ভ্ৰমণ কৰা যাত্ৰীসকলৰ বাবে দুঃখবৰ। এতিয়াৰ পৰা আপোনালোকে আৰু লাভ নকৰিব জেট এয়াৰৱেজৰ সেৱা। মুম্বাইৰ বিমান পৰিবহন প্ৰতিষ্ঠান জেট এয়াৰৱেজে শীঘ্ৰেই ইয়াৰ সেৱা সংকোচন কৰাৰ পৰিকল্পনা হাতত লৈছে। সেই অনুসৰিয়েই কম লাভযুক্ত আকাশীপথসমূহৰ বাবে সেৱা কৰ্তন কৰি অধিক লাভযুক্ত আকাশীপথত সেৱা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু সেই মৰ্মেই দেশৰ ভালেসংখ্যক স্থানৰ পৰা সেৱা আঁতৰাই নিব জেট এয়াৰৱেজে।

অসমৰ যোৰহাটৰ উপৰিও শিলচৰ, আইজল আৰু ইম্ফলৰ পৰাও বিমানসেৱা আঁতৰাই নিব প্ৰতিষ্ঠানটোৱে। জানিব পৰামতে ২০১৯ চনৰ ১০ ফেব্ৰুৱাৰীৰ পৰা এই সেৱা সম্পূৰ্ণৰূপে আঁতৰাই নিব মুম্বাইৰ এই বিমান পৰিবহন প্ৰতিষ্ঠানটোৱে।

উল্লেখ্য যে এই পদক্ষেপে দেশৰ বিমান পৰিবহনৰ ক্ষেত্ৰত এক বিশেষ প্ৰভাৱ পেলোৱাৰ উপৰিও টিকটৰ মূল্যকো প্ৰভাৱিত কৰিব।

Banner

প্ৰতিনিধিত্বমূলক ফটো