গুৱাহাটীত চিটি বাছৰ বিৰুদ্ধে অভিযান, ৪০ খন চিটি বাছ জব্দ

Sunday, 23 February 2020

দৈনিক বাতৰি

গুৱাহাটীত চিটি বাছৰ বিৰুদ্ধে অভিযান, ৪০ খন চিটি বাছ জব্দ

জিপ্লাছ নিউজ ডেস্ক | February 14, 2020 11:22 hrs

১৪ ফেব্ৰুৱাৰী, গুৱাহাটী : মহানগৰীত ক্ৰমাৎ বৃদ্ধি পাইছে চিটি বাছৰ দৌৰাত্ম্য। কালি কামৰূপ পৰিবহন বিভাগে  মহানগৰীৰ এম জি পথত চিটি বাছসমূহৰ বিৰুদ্ধে এক তালাচী অভিযান চলায়।

পৰিবহন বিভাগৰ আয়ুক্ত আদিল খান আৰু সচিবৰ তত্বাৱধানত এটা বিষয়া কৰ্মচাৰীৰ দলে চিটি বাছত যাত্ৰা কৰি যাত্ৰীসকলে দৈনন্দিন মুখা মুখি হোৱা অসুবিধাসমূহৰ বুজ লয়। লগতে পৰিবহন বিভাগৰ নতুন নিয়মসমূহ উলংঘা কৰা ৪০ খন চিটি বাছ  জব্দ কৰে। বাছখন চলিত অৱস্থাত দুৱাৰ খোলা ৰখা  আৰু যাত্ৰীৰ পৰা টিকট সংগ্ৰহ কৰি নিয়ম উলংঘা কৰা বাছসমূহৰ পৰা ৩২ হাজাৰ টকা পৰ্যন্ত জৰিমনা বিহে।     

অভিযানৰ সন্দৰ্ভত পৰিবহন বিভাগৰ বিষয়া এগৰাকীয়ে কয়- “বাছ কন্ডাক্টৰসকলে টিকটৰ অবিহনে যাত্ৰীসমূহৰ পৰা ধন আদায় কৰে। যিসমূহ আসন প্ৰাপ্তবয়স্ক লোক আৰু বিশেষভাৱে সক্ষম লোকৰ বাবে ৰখা আছুতীয়া আসনসমূহত সাধাৰণ যাত্ৰীও বহা দেখা গৈছে।” 

প্ৰতিনিধিত্বমূলক ছবি