কাজিৰঙাক সংযোজিত কৰা হ’ব ৰাষ্ট্ৰীয় ৰে’ল নেটৱৰ্কেৰে
দৈনিক বাতৰি

কাজিৰঙাক সংযোজিত কৰা হ’ব ৰাষ্ট্ৰীয় ৰে’ল নেটৱৰ্কেৰে

জি প্লাছ নিউজডেস্ক | November 01, 2018 11:49 hrs

গুৱাহাটী - দেশৰ পৰ্যটন ক্ষেত্ৰক আৰু অধিক সক্ৰিয় কৰি তোলাৰ উদ্দেশ্যে ভাৰত চৰকাৰে অসমৰ কাজিৰঙাক ৰাষ্ট্ৰীয় ৰে’ল নেটৱৰ্কৰ সৈতে সংযোজিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী (স্বতন্ত্ৰ) ৰাজেন গোঁহাইয়ে গুৱাহাটী আৰু লামডিংৰ মাজৰ ৰে’লপথছোৱাত বিদ্যুৎ সংযোগৰ আধাৰশিলা স্থাপন কৰি সদৰী কৰা এক তথ্য অনুসৰি ভাৰত চৰকাৰে কাজিৰঙাক দেশৰ ৰে’ল নেটৱৰ্কৰ সৈতে সংযোজিত কৰাৰ চিন্তা-চৰ্চা কৰিছে। এই পদক্ষেপ সম্পন্ন হোৱা মাত্ৰকে দেশৰ পৰ্যটন ক্ষেত্ৰই আৰু অধিক ক্ষীপ্ৰতা লাভ কৰিবলৈ সক্ষম হ’ব।

উল্লেখ্য যে লামডিং-গুৱাহাটীৰ মাজৰ ৰে’লপথৰ এই বৈদ্যুতিকীকৰণৰ কাম ২০১৯ চনৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হৈ উঠাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। তেওঁ লগতে কয় যে কাজিৰঙাৰ পৰা মাত্ৰ ৭ মিনিটৰ পথ অতিক্ৰম কৰিলেই জখলাবন্ধ ৰে’লৱে ষ্টেশ্যন। ইফালে জখলাবন্ধাৰ পৰা নিচেই কাষতে থকা শিলঘাট ষ্টেশ্যন উন্নীতকৰণৰ কামো শীঘ্ৰেই আৰম্ভ কৰা হ’ব।

প্ৰতিনিধিত্বমূলক ছবি