২৫ লাখ টকাৰ জাতীয় পতাকা বিক্ৰীৰ লক্ষ্য খাদী-গ্ৰামোদ্যোগৰ

Friday, 03 April 2020

দৈনিক বাতৰি

২৫ লাখ টকাৰ জাতীয় পতাকা বিক্ৰীৰ লক্ষ্য খাদী-গ্ৰামোদ্যোগৰ

জি প্লাছ নিউজডেস্ক | August 12, 2019 18:34 hrs

১২ আগষ্ট, গুৱাহাটী : সমাগত স্বাধীনতা দিৱস উদযাপনৰ বাবে দেশৰ ভিন্ন প্ৰান্তত প্ৰস্তুতি চলিছে। অসম খাদী আৰু গ্ৰামোদ্যোগ বিভাগে ২৫ লাখ টকাৰ ৰাষ্ট্ৰীয় পতাকা বিক্ৰীৰ লক্ষ্যৰে পতাকা প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে। বিভাগটোৱে ১২ হেজাৰ পতাকা প্ৰস্তুত কৰাৰ লক্ষ্যৰে বিগত জুনৰ পৰাই ১৫ গৰাকী কৰ্মচাৰীক পতাকা চিলাই কৰাত নিয়োগ কৰিছিল।

বিভাগটোৱে প্ৰস্তুত কৰা এই ৰাষ্ট্ৰীয় পতাকাসমূহ ৰাজ্যৰ ৩০ টা বিক্ৰী কেন্দ্ৰত বিভিন্ন আকাৰৰ পতাকা উপলব্ধ হৈছে। অসম খাদী আৰু গ্ৰামোদ্যোগ বিভাগৰ বিপনন বিষয়া বিপুল হাজৰিকাই জনোৱা অনুসৰি এতিয়ালৈকে ৮০০০ খন পতাকা প্ৰস্তুত কৰা হৈছে।  ইয়াৰে ৬,৫০০ খন ইতিমধ্যে বিক্ৰী কৰা হৈছে।

অসম সচিবালয়ে ৩০০ খন, কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ে ৬৫ খন আৰু আৰ্টফেডে ৮৫খন পতাকা ক্ৰয় কৰিছে। লগতে ব্যক্তিগত খণ্ডৰ অনুষ্ঠান-প্ৰতিষ্ঠানেও পতাকাসমূহ ক্ৰয় কৰিছে। বিগত বৰ্ষত ৫০০ খন ডাঙৰ  আকাৰৰ পতাকা প্ৰস্তুত কৰা হৈছে। কিন্তু এইবাৰ বিভাগটোৱে ১,৫০০ খন পতাকা প্ৰস্তুত কৰি উলিয়াইছে।