পদ্মশ্ৰী কুশল কোঁৱৰ শৰ্মালৈ “জীৱন যোৰা সাধনা বঁটা” প্ৰদান 

Wednesday, 01 April 2020

দৈনিক বাতৰি

পদ্মশ্ৰী কুশল কোঁৱৰ শৰ্মালৈ “জীৱন যোৰা সাধনা বঁটা” প্ৰদান 

জিপ্লাছ নিউজ ডেস্ক | February 27, 2020 14:10 hrs

২৭ ফেব্ৰুৱাৰী , গুৱাহাটী : আজি কাজিৰঙা জৈৱ বৈচিত্ৰ ছচাইটিয়ে পদ্মশ্ৰী ডঃ কুশল কোঁৱৰ শৰ্মাক “জীৱন যোৰা সাধনা বঁটা”ৰে সন্মানিত কৰে। বিগত ৩২ বছৰৰ পৰা ডঃ শৰ্মাই এটাও সাপ্তাহিক ছুটী নোলোৱাকৈ প্ৰতিবছৰে ৭০০ টা হাতী, বন্য আৰু উদণ্ড ষাঁড়ৰ চিকিৎসা কৰে। শৰ্মাই সমগ্ৰ  উত্তৰ-পূবত ৰিমৰ্ট ট্ৰেংকুলাইজড ইনজেকশ্যনৰ কৌশল উদ্ভাৱন কৰিছিল। 

ডঃ কুশল শৰ্মাৰ ঘৰ অসমৰ কামৰূপ জিলাৰ বৰমাত। হাতীৰ চিকিৎসক গৰাকীয়ে প্ৰতিটো সাপ্তাহিক ছুটীতে সক্ৰিয়ভাৱে কৰ্ম কৰে। 

ডঃ শৰ্মাই ভাৰতত এছিয়ান হাতিৰ সংৰক্ষণতো বিশেষ অৱদান আগবঢ়াই। তেওঁ এই অৱদানৰ বাবে বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছিল।