বুৰঞ্জীপ্ৰসিদ্ধ উগ্ৰতাৰা মন্দিৰৰ পৰা ৯৭৪ বছৰ পুৰণি মূৰ্তি চুৰি
দৈনিক বাতৰি

বুৰঞ্জীপ্ৰসিদ্ধ উগ্ৰতাৰা মন্দিৰৰ পৰা ৯৭৪ বছৰ পুৰণি মূৰ্তি চুৰি

জি প্লাছ নিউজডেস্ক | November 16, 2018 11:47 hrs

গুৱাহাটী - এইবাৰ গুৱাহাটীৰ লতাশিল থানাৰ নাতিদূৰৈতে থকা উগ্ৰতাৰা মন্দিৰত চোৰে চলালে লুট-পাত। গুৱাহাটীৰ মাজমঁজিয়াতে থকা উগ্ৰতাৰা মন্দিৰৰ শক্তিপীঠত থকা মুখ্য অষ্টধাতু মূৰ্তি আজি পুৱতি নিশা চোৰে লৈ যায়।

ঐতিহাসিক এই মন্দিৰৰ ভিতৰভাগত চোৰে লুটপাট চলাই বিভিন্ন সামগ্ৰী লণ্ডভণ্ড কৰাৰ লগতে শতিকা পুৰণি মূল মূৰ্তিটো লৈ যায়। প্ৰাপ্ত তথ্য অনুসৰি পুৱা মন্দিৰৰ মুখ্য পুৰোহিতে মন্দিৰৰ দুৱাৰ খুলি ঘটনাৰ বিষয়ে জানিব পাৰে।

মন্দিৰৰ চিচিটিভি ফুটেজ অনুসৰি চাৰিটা চোৰে কাপোৰেৰে সম্পূৰ্ণ গা ঢাকি মন্দিৰত প্ৰৱেশ কৰে আৰু মন্দিৰৰ ভিতৰত লুটপাত চলাই কেবা শতিকা পুৰণি মূৰ্তিটো লৈ উধাও হয়। উল্লেখ্য যে ১০৪৪ শতাব্দীতেই স্থাপিত এই মন্দিৰটোক হিন্দুসকলৰ ৫২ টা পৱিত্ৰস্থানৰ ভিতৰত অন্যতম হিচাপে গণ্য কৰা হয়।

Watch the Video Here :

উগ্ৰতাৰা মন্দিৰ

Comment (1) মন্তব্য প্ৰেৰণ কৰক
  • Anshuman

    I have seen that people don't want to engage security guards , they think it is a misuse of money or waste. But it wouldn't have happened if security guards were there. 900 hundred years old idol is stolen. Who is responsible