লক্ষ্মী মন্দিৰ ভঙাৰ অপৰাধত গ্ৰেপ্তাৰ এজন

Tuesday, 02 June 2020

দৈনিক বাতৰি

লক্ষ্মী মন্দিৰ ভঙাৰ অপৰাধত গ্ৰেপ্তাৰ এজন

জিপ্লাছ ব্যুৰ’ | October 09, 2019 17:35 hrs

গুৱাহাটী - চৌদিশে পূজাৰ ধামখুমিয়াৰ মাজতে অসমৰ বৰপেটা জিলাত এটি লক্ষ্মী মন্দিৰ ভঙাৰ অপৰাধত গ্ৰেপ্তাৰ হ’বলগীয়া হ’ল এজন লোক। ৯ অক্টোবৰত বৰপেটাৰ কেওটকুছিত সংঘটিত হৈছে এই ঘটনা।

প্ৰাপ্ত তথ্য অনুসৰি, লোকজনে মন্দিৰটো ভঙাৰ লগতে মন্দিৰত থকা সোণ-ৰূপৰ কিছু অলংকাৰো লুটি নিয়ে। ইফালে মন্দিৰটোৰ মঁজিয়াখনো খান্দি পেলায় দুৰ্বৃত্তটোৱে। আনকি অনাগত লক্ষ্মী পূজাৰ বাবে মন্দিৰৰ চৌপাশে লগোৱা বিভিন্ন পোষ্টাৰ বেনাৰ আদিও ফালি পেলায় দুৰ্বৃত্তটোৱে।

অৱশ্যে স্থানীয় লোকে তৎপৰতাৰে দুৰ্বৃত্তটোক কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে। লোকজনক ৰফিকুল আলী বুলি জানিব পৰা গৈছে।  

প্ৰতিনিধিত্বমূলক ছবি