শিৱসাগৰত আটক নাৰী দেহ ব্যৱসায়ী

Tuesday, 18 February 2020

দৈনিক বাতৰি

শিৱসাগৰত আটক নাৰী দেহ ব্যৱসায়ী

জিপ্লাছ নিউজ ডেস্ক | October 19, 2019 10:50 hrs

১৯ অক্টোবৰ, গুৱাহাটী : কাতি বিহুৰ মাজতে ভাড়াঘৰত অবৈধ নাৰী ব্যৱসায়। শিৱসাগৰ চহৰৰ মাজ মজিয়াত উৎখাত কৰা হৈছে নাৰী ব্যৱসায়ৰ ঘাটি। শুকুৰবাৰে শিৱসাগৰ সদৰ থানাৰ সমীপতে থকা আমোলাপট্টিৰ এটা ভাড়াঘৰত  আৰোহন আৰু জাগৃতি  নামৰ স্থানীয় মহিলা সংগঠন দুটাই অভিযান চলাই নাৰী ব্যৱসায়ৰ ঘাটিতো উৎখাত কৰে। 

নাৰীদেহ ব্যৱসায়ী আজগৰ আলীক আৰু তেওঁৰ পত্নী ঊষা বেগমে যোৱা দুই বছৰৰ পৰা এই দুষ্কাৰ্য চলাই আছে অভিযোগ উত্থাপন কৰিছিল স্থানীয় ৰাইজে।  ভাড়াঘৰৰ পৰা বহু সংখ্যক আপত্তিজনক সামগ্ৰীও উদ্ধাৰ কৰা হৈছে বুলি স-গঠন দুটাই জানিবলৈ দিয়ে।

দম্পত্তিহালে বসবাস কৰা ভাড়াঘৰৰ মালিকে এই সন্দৰ্ভত কয় - “দুবছৰৰ পৰা এই যৌনতাৰ বেহা চলি আহিছে ৷”এই ঘটনাৰ পিছতেই অভিযুক্ত আজগৰ আলী আৰু তেওঁৰ পত্নীয়ে নাৰী দেহৰ বেহা চলোৱাৰ কথা  অস্বীকাৰ কৰে। আনহাতে দম্পত্তিহালে তেওঁলোকক সন্তানৰ সন্মুখতেই মাৰপিট কৰাৰ অভিযোগ উত্থাপন কৰে।

সম্প্ৰতি শিৱসাগৰ আৰক্ষীয়ে অভিযুক্ত দম্পত্তি হালক আটক কৰি জেৰা ব্যাহত ৰাখিছে।