দৈনিক বাতৰি
উত্তৰ জালুকবাৰীত ভয়ংকৰ অগ্নিকাণ্ড, ৯০ টাকৈ কোঠাত অগ্নিসংযোগ
১৮ জুলাই, গুৱাহাটী: উত্তৰ জালুকবাৰীত অঘটন। আজি পুৱা প্ৰায় ১০.৩০ বজাত উত্তৰ জালুকবাৰীৰৰ ফুলপাহি নগৰৰ ডঃ গব্বৰ আলি আৰু চান্দ মহম্মদৰ বাসগৃহত ভয়াবহ অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।
অগ্নি নিৰ্বাপক বাহিনীয়ে জনোৱা অনুসৰি ছৰ্ট চাৰ্কিট হৈ আছাম টাইপ ঘৰটোৰ ৯০ টাকৈ কোঠাত অগ্নিসংযোগ হয়।
ঘটনাস্থলীত জুই নুমুৱাবলৈ ৭ খন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হয়। কমেও ডেৰ ঘণ্টাৰ পাছত অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নুমুৱাবলৈ সক্ষম হয়।
Comments (0)
মন্তব্য প্ৰেৰণ কৰক