গুৱাহাটীৰ ছ’লাাপাৰত ভয়ংকৰ অগ্নিকাণ্ড

Wednesday, 01 April 2020

দৈনিক বাতৰি

গুৱাহাটীৰ ছ’লাাপাৰত ভয়ংকৰ অগ্নিকাণ্ড

জিপ্লাছ | February 20, 2020 20:53 hrs

২০ ফেব্ৰুৱাৰী, গুৱাহাটী - পল্টন বজাৰৰ চলাপাৰাত আজি সন্ধিয়া এটা বিধবংসী অগ্নিকাণ্ড সংঘটিত হয়৷ অপ্সৰা চিনেমা হলৰ পাছফালে সংঘটিত এই অগ্নিকাণ্ডত কেইবাটাও বাসগৃহ আৰু ব্যাৱসায়িক প্রতিষ্ঠান জুয়ে ছানি ধৰে৷

ঘটনাস্থলীত ততাতৈয়াকৈ কেইবাখনো অগ্নিনির্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিয়ন্ত্রণ কৰাত ভয়ংকৰ ক্ষয়-ক্ষতিৰ পৰা অঞ্চলবাসী ৰক্ষা পৰে৷

ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতেই অগ্নিকাণ্ডৰ সূত্রপাত হোৱাৰ সন্দেহ কৰা হৈছে৷ অৱশ্যে অগ্নিকাণ্ডত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই৷