মণিপুৰীবস্তিৰ পুতলাগাড়ী বিস্ফোৰণত জড়িত মূল অপৰাধী আৰক্ষীৰ জালত

Saturday, 07 December 2019

দৈনিক বাতৰি

মণিপুৰীবস্তিৰ পুতলাগাড়ী বিস্ফোৰণত জড়িত মূল অপৰাধী আৰক্ষীৰ জালত

জি প্লাছ নিউজডেস্ক | December 23, 2018 15:44 hrs

গুৱাহাটী - অৱশেষত আৰক্ষীৰ জালত পৰিল গুৱাহাটীৰ মণিপুৰীবস্তিৰ পুতলা গাড়ী বিস্ফোৰণৰ লগত জড়িত মূল অভিযুক্ত। অভিযুক্ত যুৱকজনৰ নাম বিনোদ বড়ো (৩০)। উল্লেখ্য যে পূৰ্বেও হৰিশিঙাৰ ৰে'লত সংঘটিত বোমা বিস্ফোৰণ সন্দৰ্ভত ওদালগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বিনোদ বড়ো নামৰ যুৱকজনেই জড়িত আছিল মণিপুৰীবস্তিৰ পুতলাগাড়ী বিস্ফোৰণৰ ঘটনাৰ সৈতেও৷

স্মৰ্তব্য যে, বিগত ১৩ নৱেম্বৰত গুৱাহাটীৰ মনিপুৰীবস্তিত নিজ ঘৰত খেলি থাকোতেই পুতলাগাড়ী বিস্ফোৰিত হৈ গুৰুতৰভাৱে আহত হৈছিল দিবানিশি সিং নামৰ এটি কণমানি। দিৱানিশিৰ মাতৃও আহত হৈছিল এই বিস্ফোৰণত। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছিল যদিও কোনো শুংসূত্ৰ লাভ কৰা নাছিল পল্টনবজাৰ আৰক্ষীয়ে। পিছে বিগত ১ ডিচেম্বৰত ওদালগুৰিৰ হৰিশিঙা ৰে'লত সংঘটিত বোমা বিস্ফোৰণৰ ফৰেনচিকৰ প্ৰতিবেদনৰ পিছতে দুয়োটা বোমাতে ব্যৱহৃত উপাদান একেই বুলি ধৰা পৰিছিল। ইয়াৰ পিছতেই হৰিশিঙাৰ ঘটনা সন্দৰ্ভত বিনোদ বড়োক আটক কৰাৰ পিছতেই উৰহীৰ ওৰ ওলায়।  ইয়াৰ পিচতেই পল্টন বজাৰ আৰক্ষীয়ে নিজৰ জিম্মাত লয় বিনোদ বড়োক।

আৰক্ষীৰ জেৰাত প্ৰকাশ কৰা অনুসৰি, চৰকাৰী চাকৰি নাপাই হতাশ হৈ ঘৰতে ইন্টাৰনেটৰ পৰা কৌশল আয়ত্ত কৰি বোমা তৈয়াৰ কৰিছিল আৰু নিজকে উগ্ৰবাদী সংগঠনৰ সদস্য় বুলি পৰিচয় দি আহিছিল। ঘটনাক্ৰমে পুতলা বিস্ফোৰণৰ ঘটনাত আহত দিবানিশিৰ মোমায়েক দিলীপ সিঙৰ লগত বিনোদ বড়োৰ সংঘাত আছিল বুলিও প্ৰকাশ কৰিছে জেৰাত। প্ৰতিশোধ লোৱাৰ মনোভাৱেৰে পুতলা গাড়ীত বোমা সংযোগ কৰি থৈ গৈছিল বিনোদ বড়োৱে। 
মহানগৰ আৰক্ষীয়ে অধিক তথ্য লাভৰ বাবে জেৰা অব্যাহত ৰাখিছে বিনোদ বড়োক।

ধৃত বিনোদ বড়ো