গুৱাহাটীলৈ আহিব মেধা পাটেকাৰ, সন্দীপ পাণ্ডে

Saturday, 06 June 2020

দৈনিক বাতৰি

গুৱাহাটীলৈ আহিব মেধা পাটেকাৰ, সন্দীপ পাণ্ডে

জিপ্লাছ | February 18, 2020 11:34 hrs

১৮ ফেব্ৰুৱাৰী, গুৱাহাটী - কাইলৈ গুৱাহাটীলৈ আহিব দেশৰ দুই বিশিষ্ট সমাজকৰ্মী মেধা পাটেকাৰ আৰু সন্দীপ পাণ্ডে। অসমত চলি থকা ‘কা’ বিৰোধী আন্দোলনক ত্বৰান্বিত কৰিবলৈ তথা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক কাৰাগাৰত সাক্ষাৎ কৰিবলৈ গুৱাহাটীলৈ আহিব দেশৰ দুয়োগৰাকী প্ৰসিদ্ধ সমাজকৰ্মী। 

উল্লেখ্য যে আজি সন্ধিয়া সন্দীপ পাণ্ডে গুৱাহাটী আহি পোৱাৰ বিপৰীতে কাইলৈ পুৱাই গুৱাহাটীত উপস্থিত হ’ব মেধা পাটেকাৰ। ১৯ ফেব্ৰুৱাৰীত পাটেকাৰ আৰু পাণ্ডেই আগবেলাই কেন্দ্ৰীয় কাৰাগাৰত অখিল গগৈক সাক্ষাৎ কৰিব। 

ইতিমধ্যেই ‘নিয়া’ৰ আদালতৰ পৰা যাৱতীয় অনুমতিও লৈছে দুয়োগৰাকী সমাজকৰ্মীয়ে। ইফালে গুৱাহাটীত থকা সময়ছোৱাত দুয়োৱে ‘কা’ বিৰোধী আন্দোলনৰ সৈতে জড়িত বিভিন্ন সংগঠনৰ নেতৃবৃন্দ, বুদ্ধিজীৱি, নাগৰিক সমাজৰ সৈতে মিলিত হ’ব।