মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত খাদ্য প্ৰস্তুত কৰা মহিলা পৰজনমত ‘কুকুৰ’ হৈ জন্মিব। - স্বামী কৃষ্ণাস্বৰূপ দাসজী

Wednesday, 01 April 2020

দৈনিক বাতৰি

মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত খাদ্য প্ৰস্তুত কৰা মহিলা পৰজনমত ‘কুকুৰ’ হৈ জন্মিব। - স্বামী কৃষ্ণাস্বৰূপ দাসজী

জিপ্লাছ | February 18, 2020 15:29 hrs

গুৱাহাটী - ঋতুস্ৰাৱ হৈ থকা অৱস্থাত যি মহিলাই খাদ্যবস্তু প্ৰস্তুত কৰে, সেই মহিলাই হেনো পৰজনমত কুকুৰ হৈ জন্ম লাভ কৰে। এই কথা আমাৰ নহয়। এই কথা কৈছে এগৰাকী স্বয়ম্ভু স্বামী কৃষ্ণস্বৰূপ দাসজীয়ে। স্বামীনাৰায়ণ ভূজ মন্দিৰৰ এইগৰাকী স্বামীয়ে আনকি কৈছে যে তেনে ঋতুস্ৰাৱ হৈ থকা অৱস্থাত প্ৰস্তুত কৰা খাদ্যবস্তু যদিহে কোনো লোকে গ্ৰহণ কৰে, তেন্তে তেনে লোক পৰজনমত বলদ গৰু বা ষাড় হৈ জন্ম লাভ কৰে।

তেওঁ লগতে কয়, “স্বামীৰ বাবে যদিহে ঋতুস্ৰাৱ হৈ থকা অৱস্থাত কোনো মহিলাই খাদ্য প্ৰস্তুত কৰে তেন্তে পৰজনমত তেওঁ ‘কুত্ৰি’ (কুকুৰ) হৈ জন্মলাভ কৰিব পাৰে।”

ভূজত চলি থকা এক ৰাত্ৰি সভাত এইগৰাকী স্বামীয়ে সংশ্লিষ্ট মন্তব্য আগবঢ়াইছিল। ইয়াৰ পিছতে সৰ্বত্ৰ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অৱশ্যে এই কথা তেওঁৰ নহয় বৰঞ্চ শাস্ত্ৰৰ বাণী বুলি দায় সৰা মন্তব্য আগবঢ়াইছে স্বামীয়ে। 

স্মৰ্তব্য যে এই ভূজতেই কিছু দিন পূৰ্বে এখন মহাবিদ্যালয়ৰ ৬০ গৰাকী ছাত্ৰীক ঋতুস্ৰাৱ হৈ আছে নে নাই পৰীক্ষা কৰিবলৈ ছাত্ৰীনিবাস কৰ্তৃপক্ষই জোৰকৈ অন্তৰ্বাস খুলিবলৈ বাধ্য কৰিছিল।