ক’ভিড ১৯ ত পৰাজিত কৰিলে ৫ বছৰীয়া প্ৰিয়ংকাই 
দৈনিক বাতৰি

ক’ভিড ১৯ ক পৰাজিত কৰিলে ৫ বছৰীয়া প্ৰিয়ংকাই 

জিপ্লাছ নিউজ ডেস্ক | July 31, 2020 10:18 hrs

৩১ জুলাই, গুৱাহাটীঃ ক’ভিড ১৯ ৰ ভয়াবহ যুদ্ধ জয় কৰি আৰোগ্য লাভ কৰিলে ৫ বছৰীয়া প্ৰিয়ংকাই। ৰাজ্যত কৰ’ণাৰ বিভীষিকা অব্যাহত থকাৰ মাজতেই ৰাজ্যবাসীৰ মুখত হাঁহি বিৰিঙালে কিশোৰীগৰাকীয়ে।  

ইয়াৰ পূৰ্বেও অন্য এটি শিশুৱে ক’ভিড ১৯ ত আৰোগ্য লাভ কৰাৰ সন্দৰ্ভত ৰাজ্যৰ বিত্ত তথা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক টুইটযোগে পোষ্ট কৰি কৈছিল,‘আজি এগৰাকী কনমানিয়ে ক’ভিড ১৯ ক পৰাস্ত কৰি সৰুসজাই ক’ভিড ১৯ কেয়াৰৰ পৰা ঘৰলৈ যাত্ৰা কৰিব।কণমানিগৰাকীলৈ মোৰ শুভেচ্ছা থাকিল।’

 

শেহতীয়া এটা টুইটত পুনৰ মন্ত্ৰীগৰাকীয়ে টুইট কৰি কয়   ‘ প্ৰিয়ংকা নামৰ ৫ বছৰীয়া কণমানিজনীয়ে ক’ভিড ১৯ ক পৰাস্ত কৰি বৃহস্পতিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰপৰা ঘৰলৈ যাত্ৰা কৰিব।’