মালিগাঁৱত গাড়ীৰ গ্লাছ ভাঙি দুৰ্বৃত্তই লুটি নিলে দুই লাখ টকা
দৈনিক বাতৰি

মালিগাঁৱত গাড়ীৰ গ্লাছ ভাঙি দুৰ্বৃত্তই লুটি নিলে দুই লাখ টকা

জিপ্লাছ নিউজ ডেস্ক | August 22, 2019 17:34 hrs

২২ আগষ্ট, গুৱাহাটী : মালিগাঁৱত দিন ডকাইতি। ৱেগ’নাৰৰ গ্লাছ ভাঙি দুৰ্বৃত্তই দুই লাখ টকা লৈ যায়। দীপক দাস নামৰ যুৱক এজনে গড়চুকৰ ষ্টেট বেংকত দুই লাখ টকা উলিয়াইছিল। 

মালিগাঁৱত গাড়ীত টকাখিনি থৈ বজাৰ কৰি থাকোতে দুৰ্বৃত্তই টকাখিনি লৈ উধাও হয়। দীপক দাসে আৰক্ষী চকীত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে। সম্প্ৰতি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।       

 

ঘটনাস্থলীৰ ছবি