কালাপাহাৰত দিন দুপৰতে দুৰ্বৃত্তই লুটিলে জুৱেলাৰী দোকান 
দৈনিক বাতৰি

কালাপাহাৰত দিন দুপৰতে দুৰ্বৃত্তই লুটিলে জুৱেলাৰী দোকান 

জিপ্লাছ নিউজ ডেস্ক | November 08, 2019 15:32 hrs

৮ নৱেম্বৰ, গুৱাহাটী : পুনৰ দুৰ্বৃত্তই লুটিলে জুৱেলাৰীৰ দোকান। আজি দিন দুপৰতে  এটা দুৰ্বৃত্তৰ দলে মহানগৰীৰ কালাপাহাৰৰ ঔম জুৱেলাৰীৰ পৰা কিছু পৰিমানৰ ধন আৰু প্ৰায় ২০ লক্ষাধিক টকাৰ অলংকাৰ লুটি লৈ যায়।    

এই সমগ্ৰ ঘটনা দোকানখনৰ চিচিটিভি কেমেৰাত বন্দী হয়। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ চিচটিভি কেমেৰাৰ দৃশ্য পৰিদৰ্শন কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। উল্লেখ্য যে যোৱা বছৰ কালাপাহাৰ অঞ্চলৰ ভাৰত সেৱা আশ্ৰমৰ ওচৰৰ এম কে জুৱেলাৰ্ছত দুৰ্বৃত্তই লুট পাত চলাইছিল। 
 

Banner

প্ৰতিনিধিত্বমূলক ছবি