মৰিগাৱঁৰ ঐতিহাসিক বুঢ়াগোসাঁই থানত চোৰৰ চাফাই অভিযান
দৈনিক বাতৰি

মৰিগাৱঁৰ ঐতিহাসিক বুঢ়াগোসাঁই থানত চোৰৰ চাফাই অভিযান

জিপ্লাছ নিউজ ডেস্ক | February 04, 2020 17:58 hrs

৪ ফেব্ৰুৱাৰী, গুৱাহাটী : মৰিগাঁৱৰ চৰাইবাহী ঐতিহ্যপূৰ্ণ বুঢ়াগোসাঁই থানত চোৰৰ চাফাই অভিযান ৷ ৮০০ খ্ৰীষ্টাব্দতে স্থাপন হোৱা মৰিগাঁও জিলাৰ ঐতিহাসিক  চৰাইবাহীৰ বুঢ়াগোসাঁই থানত কালি নিশা চোৰে উপদ্ৰৱ চলায় ৷

পূৰ্বে দুবাৰকৈ থান খনত চোৰে চাফাই অভিযান চলাই থান খনৰ বিভিন্ন সা সামগ্ৰীৰ লগতে সোনৰ মুৰ্তি আৰু টকা পইছা চোৰ কৰি নিছিল। ইয়াৰ পাছতে কালি নিশা পুনৰ চোৰে থান খনৰ তলা ভাঙি নগদ ধনসহ কিছু সা সামগ্ৰী চুৰি কৰি নিয়াৰ লগতে থানৰ গুৰু আসনত থকা কাপোৰ আৰু পুথিপাঁজি বাহিৰত পেলাই থৈ যায়।  

এই ঘটনাৰ পাছতে স্থানীয় লোকে  আৰক্ষী থানাত গোচৰ ৰুজু কৰে।