‘মোক অস্কাৰ নালাগে। মই বলীউড-হলীউডক তক্কৰ দিছো।’- ৰাকু দা  

Wednesday, 01 April 2020

দৈনিক বাতৰি

‘মোক অস্কাৰ নালাগে। মই বলীউড-হলীউডক তক্কৰ দিছো।’- ৰাকু দা  

জিপ্লাছ নিউজ ডেস্ক | February 18, 2020 18:18 hrs

১৮ ফেব্ৰুৱাৰী, গুৱাহাটী : ফিল্মফেয়াৰক লৈ আক্ষেপ প্ৰকাশ ৰাকু দাৰ। ৬৫ সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ড শ্ব’ৰ পৰা ৰাজ্যবাসীয়ে একাষৰীয়া কৰিলে জনপ্ৰিয় অভিনেতা তথা প্ৰযোজক, গায়ক ৰাকু দাক। 

যোৱা ১৫ ফেব্ৰুৱাৰীত মহানগৰী সমগ্ৰ বলীউডৰ সমাহাৰেৰে জাকত জিলিকা হৈ পৰিছিল। কিন্তু ইয়াৰ মাজতে অসমৰ এগৰাকী প্ৰখ্যাত শিল্পী ৰাকু দা অৰ্থাৎ মিষ্টাৰ ৰাজকুমাৰ ঠাকুৰীয়াক এৱাৰ্ড শ্ব’লৈ নামাতিলে ফিল্মফেয়াৰ কৰ্তৃপক্ষই। 

ফেচবুকযোগে মিষ্টাৰ ৰাজকুমাৰে ক্ষোভ প্ৰকাশ কৰি কয় - “মই হিন্দী ছবিৰ নায়ক- নায়িকাক সন্মান কৰো। কিন্তু মই নিজেই হিন্দী গীত ৰচনা কৰি সুৰ কৰি গাইছো। হিন্দীত ছবি বনাই দেখুৱাইছো। ইংৰাজীত গীত লিখি নিজেই সুৰ কৰি গাইছো। মোৰ হিন্দী আৰু ইংৰাজী গানবোৰ সমগ্ৰ ভাৰত তথা বিশ্বই শুনি আনন্দ লৈছে।মই অসমত থাকিয়েই বলীউডৰ কাম কৰি আছো।”

“বহুত হিন্দী অভিনেতা অভিনেত্ৰী আছে, কিন্তু সকলো দিশতে পাকৈত নহয়। মই কিন্তু সকলো দিশতে পাকৈত।”  লগতে মই বলীউডত নপৰো নেকি বুলিও বিক্ষোভ প্ৰকাশ কৰে ৰাকু দায়ে।

সম্প্ৰতি ছচিয়েল মিডিয়াত ব্যাপকভাৱে চৰ্চা লাভ কৰিছে এই প’ষ্টটোৱে। ইতিমধ্যে ফেচবুকতো মিষ্টাৰ ৰাজকুমাৰৰ ফটোযুক্ত বহুতো ‘মীম’ ভাইৰেল হৈছে।