Music Composer Wajid Khan of Sajid-Wajid duo dies at 42 | Assamese News
দৈনিক বাতৰি

জনপ্ৰিয় সংগীতজ্ঞ যুঁটি চাজিদ-ৱাজিদৰ ৱাজিদ খানৰ মৃত্যু

জিপ্লাছ | June 01, 2020 09:49 hrs

০১ জুন, গুৱাহাটী - জনপ্ৰিয় সংগীত পৰিচালক যুঁটি চাজিদ ৱাজিদৰ ৱাজিদ খানৰ মৃত্যুৱে জোকাৰি গৈছে সমগ্ৰ বলীউদ। মাত্ৰ ৪২ বছৰ বয়সতে মৃত্যুক সাৱতি লৈছে জনপ্ৰিয় সংগীত পৰিচালকগৰাকীয়ে।  

উল্লেখ্য যে সংগীত পৰিচালকগৰাকীয়ে বিগত ভালেমান দিন ধৰি একাধিক শাৰীৰিক সমস্যাত ভুগি আছিল। কিছু দিন পূৰ্বে বৃক্ক সংৰোপনো কৰা হৈছিল পৰিচালকগৰাকীৰ দেহত। শেহতীয়াকৈ পৰিস্থিতি অধিক গুৰুতৰ হৈ পৰাত তেওঁক বিগত চাৰিদিন ধৰি ভেণ্টিলেটৰত ৰখা হৈছিল।

বলীউদৰ বহু জনপ্ৰিয় ছবিৰ সংগীত পৰিচালনা কৰাৰ উপৰিও একাধিৰ সংগীত ৰিয়েলিটি শ্ব’ত বিচাৰক ভুমিকাও পালন কৰিছিল ৱাজিদ খানে।