দেশৰ উন্নয়নৰ নতুন ইঞ্জিন হওক উত্তৰ পূৰ্বাঞ্চল : মোদী | অসম নিউজ
দৈনিক বাতৰি

ভাৰতৰ উন্নয়নৰ ক্ষেত্ৰত নতুন ইঞ্জিন হওক উত্তৰ পূৰ্বাঞ্চল : মোদী

জি প্লাছ নিউজ | February 22, 2021 16:13 hrs

গুৱাহাটী : সমাগত বিধানসভা নিৰ্বাচন । সোমবাৰে তৃতীয়বাৰৰ বাবে অসমলৈ আহিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । চিলাপথাৰত আয়োজিত এক বিশাল ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিলে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ।
 
এই অনুষ্ঠানতেই উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ উন্নয়নৰ ক্ষেত্ৰত নতুন ইঞ্জিন হিচাপে গঢ়ি উঠিব আৰু এই ধাৰণা বাস্তৱায়িত হোৱাৰ দিশে অগ্ৰসৰ হৈছে বুলি কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে । ধেমাজিৰ চিলাপথাৰত আয়োজিত সভাত গেছ আৰু তেল প্ৰকল্পক দেশক অৰ্পণ কৰাৰ পিছতেই এই কথা উল্লেখ কৰে মোদীয়ে । কেন্দ্ৰ আৰু অসম চৰকাৰে যুটীয়া ভাৱে ৰাজ্যখনৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত কাম কৰি আছে বুলিও মন্তব্য কৰে মোদীয়ে ।

ইয়াৰ লগতে পূৰ্বৰ চৰকাৰে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰখনক মাহী মাকৰ দৃষ্টিৰে চালে বুলিও কয় মোদীয়ে । এই অঞ্চলৰ চাহ বাগিচা সমূহৰ অসমৰ অৰ্থব্যৱস্থাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আৰু এই কৰ্মচাৰী সকলৰ জীৱন সৰল কৰা বিজেপি চৰকাৰৰ এক মুখ্য উদ্দেশ্য বুলি কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

ইপিনে মীন পালনৰ ক্ষেত্ৰতো চৰকাৰে গুৰুত্ব প্ৰদান কৰিছে বুলি উল্লেখ কৰি ২০২১-২২ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত চৰকাৰে ২০ হাজাৰ কোটি টকা ধাৰ্য কৰা বুলিও কয় মোদীয়ে । লগতে ৰাজ্য় চৰকাৰৰ প্ৰচেষ্টাতেই ৰাজ্যত ২০ খনতকৈও অধিক অভিযান্ত্ৰিক মহাবিদ্যালয় মুকলি কৰিবলৈ সক্ষম হৈছে বুলি কয় । 

আনহাতে দেশত গেছ পাইপ লাইন নেটৱৰ্ক নিৰ্মাণ কৰাৰ লগতে গাঁৱে গাঁৱে অপ্টিকেল ফাইৱাৰ সংযোগ, ঘৰে ঘৰে পানীৰ ব্যৱস্থাৰ বাবে পাইপ সংযোগ কৰা কাৰ্য চলি আছে বুলি কয় এইয়া ভাৰতৰ ভাগ্য ৰেখা বুলি মন্তব্য কৰে নৰেন্দ্ৰ মোদীয়ে ।