Why National Unemployment Day Is Trending On PM Modi's Birthday | Assamese News
দৈনিক বাতৰি

কিয় ‘ৰাষ্ট্ৰীয় নিবনুৱা দিৱস’ পালন কৰা হ’ল প্ৰধান মন্ত্ৰীৰ জন্মদিনৰ দিনা?

জি প্লাছ নিউজ | September 17, 2020 12:30 hrs

গুৱাহাটীঃ ছেপ্টেম্বৰ ১৭, ২০২০ৰ দিনটো প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন হিচাপে চিহ্নিত। এইটো দিনতে হিন্দু ভগৱান বিশ্বকৰ্মা পূজাও পালন কৰা হয়।


পিছে এইবাৰ আজিৰ দিনটোৰ আন এটা তাৎপৰ্যও আছিল। এই বছৰত চাকৰি হেৰুৱা অথবা চাকৰি অবিহনে থকা দেশৰ সকলো নিবনুৱাই ক্ষোভ প্ৰকাশ কৰিবলৈ আজিৰ এই বিশেষ দিনটোকে বাছি লয় ‘ৰাষ্ট্ৰীয় নিবনুৱা দিৱস’ হিচাপে পালন কৰিবলৈ।


‘চ’চিয়েল মিডিয়া’ত যেতিয়া নিশা ১২ বজাৰ লগে লগে জাওৰিয়ে জাওৰিয়ে প্ৰধান মন্ত্ৰী গৰাকীলৈ জন্মদিনৰ শুভেচ্ছা আহিব ধৰিছিল, তাৰ সমসাময়িকভাৱে ৰাষ্ট্ৰীয় নিবনুৱা দিৱসৰ বিভিন্ন ‘পোষ্ট’ও আহিব ধৰিলে। 


টুইটাৰটো প্ৰায় দিনটোয়ে ‘ট্ৰেণ্ড’ত থাকে #NationalUnemploymentDay। 


ভাৰত স্বাধীনতাৰ পিছত পোন-প্ৰথমবাৰৰ বাবে জিডিপিৰ এনে শীঘ্ৰ পতনৰ সন্মুখীন হৈছে এইটো বিত্তীয় বৰ্ষৰ চতুৰ্থাংশৰ এপ্ৰিল-জুন ভাগত। সদ্যহতে ৰাষ্ট্ৰীয় পৰিসাংখ্যিক আয়োগৰ প্ৰকাশিত তথ্যৰ মতে, ভাৰতত ২৩.৯% ৰ পতন হৈছে পূৰ্ববৰ্ত্তী  চতুৰ্থাংশৰ তুলনাত য’ত ই ৩.১% বৃদ্ধি পাইছিল।


দিনৰ ১২.৩০ পৰ্যন্ত ২৫ লাখ ‘পোষ্ট’ #NationalUnemploymentDay ৰ ভিতৰত পঞ্জীয়্ন হৈছে।


কংগ্ৰেছ নেতা আৰু সাংসদ ৰাহুল গান্ধীয়ে টুইট কৰি কয় যে অতিমাত্ৰা নিবনুৱা সমস্যাই যুৱ সমাজক এই দিশ বাছি ল’বলৈ বাধ্য কৰায়।